কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO

কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ বানসাহায্য হৰলুকি কৰাৰ অভিযোগত দেওবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুকাৰপাৰত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। "মাৰ্কাজুল মাৰিফ"ৰ পৰা আগবঢ়োৱা চিৰা, চেনি আদি বানসাহায্য এ আই ইউ ডি এফৰ কৰ্মী কুকাৰপাৰৰ গাজিবৰ ৰহমানে আনি ৰাইজক ভগাই নিদিয়াত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

সাহায্য বিচাৰি যোৱা মহিলাক গাজিবৰ ৰহমানে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। আনকি গাজিবৰ ৰহমানে এ আই ইউ ডি এফক ভোট নিদিয়া মানুহক সাহায্য নিদিয়াৰো অভিযোগ কৰে স্থানীয় লোকে।

শেষত সৰ্থেবাৰী আৰক্ষী আৰু মাজদিয়া আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে আৰু বান সাহায্যৰ সামগ্ৰীসমূহ আৰক্ষীয়ে জব্দ কৰি মাজদিয়া আৰক্ষী চকীলৈ লৈ যায়। ইয়াৰ পূৰ্বেও দৰিদ্ৰ লোকৰ বাবে অহা সাহায্য গাজিবৰ ৰহমানে আত্মসাৎ কৰাৰ অভিযোগ আছে।

ইতিমধ্যে স্থানীয় লোকে গাজিবৰ ৰহমান সহ কেইবাগৰাকী লোকৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in