চেঙাৰ ম’হচৰাত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰী আহত

চেঙাৰ ম’হচৰাত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰী আহত

ডিজিটেল সংবাদ, গৰৈমাৰীঃ চেঙা বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তৰ পূৱ ম'হচৰাত বৃহস্পতিবাৰে সন্ধিয়া বিদ্যুৎস্পৃষ্ট হৈ কিশোৰী এজনী গুৰুতৰভাৱে আহত হৈ সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন হ'বলগীয়া হৈছে৷

জানিব পৰামতে, পূৱ ম'হচৰা গাঁও নিবাসী গুজৰ আলীৰ কন্যা ফৰিদা খাতুন (১৪) বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ছয় বজাত নিজগৃহত আকস্মিকভাৱে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়৷

ইপিনে আহত কিশোৰীজনীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়৷ সম্প্ৰতি ফৰিদা বেগম চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in