শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ উদ্যোগত আৰু এচক্লেপিয়াছ ৱেলনেছ প্ৰাইভেট লিমিটেডৰ সহযোগত বানসাহায্য বিতৰণ, VIDEO

142

ডিজিটেল সংবাদ চেঙাঃ ৰাজ্যখনত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত বৰপেটা জিলাৰ চেঙা সমষ্টিতো বিস্তৰ ক্ষতিসাধন হয়। চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৯খন গাঁও বানৰ কবলত পৰাৰ পিছত কেইবাশ বানাক্ৰান্ত লোক শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে।

ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সহৃদয়বান লোকে বানাক্ৰান্তলৈ সাহায্য আগবঢ়াইছে।শনিবাৰে ৬নং চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ উদ্যোগত আৰু এচক্লেপিয়াছ ৱেলনেছ প্ৰাইভেট লিমিটেডৰ সহযোগত জিলা পৰিষদীয় এলেকাৰ বান শিবিৰত বান সাহায্য প্ৰদান কৰা হয়।

জিলা পৰিষদীয় সমষ্টিটোৰ পাঁচখন পঞ্চায়তৰ প্ৰায় পাঁচ হাজাৰ বন্যাৰ্তৰ মাজত এই বান সাহায্য বিতৰণ কৰা হয়। বান সাহায্যত পাউৰুটি, বিশুদ্ধ খোৱা পানী, চিৰা, চেনী, মহ খেদোৱা ধুপ আদি বিতৰণ কৰে।

চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই বিজেপি কৰ্মী-সমৰ্থকক লগত লৈ সাহায্য বিতৰণ কৰে। লোহিত ঠাকুৰীয়া, দ্বিজেন দাসকে আদি কৰি কেইবাগৰাকী এচক্লেপিয়াছ ৱেলনেছ প্ৰাইভেট লিমিটেডৰ বিষয়া-কৰ্মচাৰীয়ে এই বানসাহায্য বিতৰণ অভিযানত সহযোগিতা আগবঢ়ায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি