২০ লাখ ব্যয়ৰে চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰ উন্নয়নৰ আধাৰশিলা

২০ লাখ ব্যয়ৰে চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰ উন্নয়নৰ আধাৰশিলা

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰ উন্নয়ন কামৰ শনিবাৰে পুৱা ১০ বজাত আধাৰশিলা স্থাপন কৰা হয়। "মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" আঁচনিৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে খেলপথাৰ উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে। আধাৰশিলা স্থাপন কাৰ্যসূচীৰ পিছতে চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সভাও অনুষ্ঠিত কৰা হয়।

অৱসৰপ্ৰাপ্ত শিক্ষক আতোৱাৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জাবেদ আলীয়ে। সভাখনত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে অসম চৰকাৰে ক্ৰীড়াৰ লগতে অন্যান্য ক্ষেত্ৰত গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। উক্ত আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজ সজাগ হ'ব লাগিব আৰু সমাজৰ উন্নয়নমূলক কাম-কাজত সহযোগ কৰিব লাগিব বুলিও উল্লেখ কৰে তালুকদাৰে।

ইয়াৰ উপৰিও চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, বৰপেটা জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাইও বক্তব্য প্ৰদান কৰে। সভাখনত ৰাজ্যিক কিষাণ মৰ্চাৰ সমন্বয়ক অজয় দাস, ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যকৰী সদস্যা গীতিকা দাস, গুৱাহাটীৰ মহাৰাণা দলৰ প্ৰাক্তন অধিনায়ক তথা সুদক্ষ ফুটবল খেলুৱৈ ৰশ্মিল আলী, চেঙা মুছলমান গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নাজিৰ আলী, চেঙা উদীয়মান যুৱ সংঘৰ সভাপতি মইদুল ইছলাম (মণি), পূৱ চেঙা সমবায় সমিতি লিমিটেডৰ সভাপতি ইকৰাম হুছেইনৰ লগতে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in