শেহতীয়া খবৰ
নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে...  •  নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে...  •  দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা...  •  নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ'ব সম্ভাব্য প্ৰাৰ্থী...  •  জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক...  •  ৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন...  •  পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী  •  প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা...

কোম্পানীৰ কামলৈ গৈ সন্ধানহীন চেঙাৰ যুৱক

162

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙা গাঁৱৰ শালদিয়া পাৰাৰ সঞ্জীৱ পাঠক (২২) নামৰ যুৱক এজন যোৱা ২১ জুনৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে আৰ্থিকভাৱে তেনেই দুৰ্বল চেঙা গাঁৱৰ শালদিয়া পাৰাৰ নৰেশ্বৰ পাঠক আৰু নীলিমা পাঠকৰ পুত্ৰ সঞ্জীৱ পাঠকে ২১ জুনত গুৱাহাটীস্থিত এটি বিস্কুট কোম্পানীলৈ কামৰ বাবে গৈছিল। কিন্তু কোম্পানীৰ ফালৰ পৰা জনোৱা মতে সঞ্জীৱ পাঠকে গে’টৰ বাহিৰৰ পৰায়ে একপ্ৰকাৰ পলায়ন কৰি উভতি গৈছিল।

সম্প্ৰতি যুৱকজনৰ এতিয়াও কোনো সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে। এইক্ষেত্ৰত যুৱক জনৰ সম্ভেদ বিচাৰি পৰিয়ালৰ লোকে স্থানীয় তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। যুৱকজনৰ সম্ভেদ পালে ওচৰৰ থানা নাইবা ৮৮৭৬২১২০১৭ নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি