শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ…

399

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ বাটগাঁও মতাবৰী চ’কত এক পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ। ঘটনাৰ বিবৰণী মতে বুধবাৰে আবেলি বসন্ত ঠাকুৰীয়াই চেঙাৰ পৰা বৰপেটালৈ গৈ থকা অৱস্থাত মতাবৰী চ’কৰ কেঁকুৰীটোত সন্মুখৰ পৰা আহি থকা তীব্ৰবেগী মটৰ চাইকেল এখনে নিয়ন্ত্ৰণ হেৰুৱাই ঠাকুৰীয়াৰ এ এছ ১৫ এম ৭৩৭৪ নম্বৰৰ বাহনখনত খুন্দা মাৰে ।

ফলত গাড়ীখনৰ সোঁফালটো সম্পূৰ্ণৰূপে ভাঙি যায় আৰু ঠাকুৰীয়াৰ কথমপি প্ৰাণ ৰক্ষা পৰে । তীব্ৰবেগী নম্বৰবিহীন ১৫০ পালচাৰ বাইকখনত চালক মফিজুল আলীসহ দুগৰাকী কিশোৰী আছিল । দুৰ্ঘটনাটোত কিশোৰী দুগৰাকীয়ে গুৰুতৰভাৱ আঘাত পোৱাত বসন্ত ঠাকুৰীয়াই তৎপৰতাৰে ১০৮ এম্বুলেন্সেৰে বৰপেটা চিকিৎসালয়লৈ পঠিয়াই দিয়ে ।

ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু গাড়ী দুখন তাৰবাৰী আৰক্ষী থানালৈ লৈ আহে । অনভিজ্ঞ একাংশ চালকৰ দৌৰাত্ম্যৰ বাবেই এই ধৰণৰ দুৰ্ঘটনাবোৰ সংঘটিত হোৱা বুলি স্থানীয় লোকে মন্তব্য কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি