ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ৰৌমাৰী পাথাৰত বৃহস্পতিবাৰে আবেলি এখন ট্ৰেক্টৰৰ চেপাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন ৰৌমাৰী পাথাৰৰে কয়েদ আলী(৫২) বুলি জানিব পৰা গৈছে। মৃত লোকজনে খুজিমাগি পৰিয়াল পোহপাল দিছিল। আজিও ভিক্ষা খুজিবলৈ ওলাই গৈছিল লোকজন।

এএছ১৫-চি-৯৩২৬ নম্বৰৰ ট্ৰেক্টৰখনে পূব বৰপেটাৰ গৰেমৰী চ'কৰ পৰা ৰৌমাৰী পাথাৰৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ ঘাটলৈ চিমেন্ট কঢ়িয়াই নিয়া অৱস্থাতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ খবৰ পাই তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ আৰু দুৰ্ঘটনাগ্ৰস্ত টেক্টৰখন থানালৈ লৈ আহে।

প্ৰায় ডেৰকুৰি বছৰে খুজি মাগি ফুৰা দুটি সন্তানৰ পিতৃ মৃত কয়েদ আলী অঞ্চলটোৰ অতি পৰিচিত লোক আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in