শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

১ ঘণ্টাতকৈও অধিক সময়ৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ, লাভ কৰিলে সকলো ক্ষমতাঃ জানক প্ৰকৃত কাৰণ…

ডিজিটেল ডেস্কঃ আমৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত নতুন পৃষ্ঠাৰ সংযোজন কৰিলে ভাৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। দেশখনৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কমলা হেৰিছে। পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথমগাৰী মহিলা ৰূপে কমলা হেৰিছে ৰচনা কৰিলে ইতিহাস।

দৰাচলতে মাত্ৰ ১ ঘণ্টাৰো অধিক বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে লাভ কৰিলে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা। অৰ্থাত তেওঁ ১ ঘণ্টাৰো অধিক সময়ৰ বাবে হৈছিল আমেৰিকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি। দেশখনৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ অসুস্থাতৰা বাবেই এই ক্ষমতা লাভ কমলা হেৰিছৰ।

জো বাইডেনৰ অসুস্থতাৰ হেতু তেওঁৰ চিকিৎসাৰ সময়ত প্ৰদান কৰা হৈছিল এনেস্থেছিয়া। এই এনেস্থেছিয়া দিয়াৰ বাবে অচেতন হৈ পৰিছিল ৰাষ্ট্ৰপতি বাইডেন। সেয়েহে মুঠ ১ ঘণ্টা ২৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হৈছিল উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছলৈ।

হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে, ৰাষ্ট্ৰপতি বাইডেনৰ ৭৯ বছৰীয়া জন্মদিনৰ পূৰ্বে নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত সাময়িকভাৱে বিয়লি ৩ বাজি ১০ মিনিটৰ পৰা ৪-৩৫ লৈ ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হৈছিল কমলা হেৰিছলৈ। এনদৰে এগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা ভোগ কৰা কাৰ্য আছিল আমেৰিকাৰ ইতিহাসত প্ৰথম ঘটনা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি