শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  ১৪ দিন জেলতেই কটালে ৰিয়াই...  •  খাটনিয়াপাৰ গাওঁ পঞ্চায়তৰ বিৰুদ্ধে একাংশ সুযোগ সন্ধানী লোক, আচনিৰ বিৰুদ্ধে অভিযোগেৰে কাম বন্ধৰ চেষ্টা...  •  ৰাজ্যসভাৰ নিলম্বিত বিৰোধী সাংসদৰ সমগ্ৰ নিশা প্ৰতিবাদ  •  ৰাজ্যত ভুমিকম্পৰ জোকাৰণি...  •  ভূমিকম্পই কঁপালে গুৱাহাটী মহানগৰ...  •  ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি...  •  দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩,৫৬৮ জনলৈ বৃদ্ধি...

ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু…

172


ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ ছয়গাঁৱত এগৰাকী ক’ৰোনা আক্ৰান্ত লোকৰ মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে ছয়গাঁৱ বিধান সভা সমষ্টিৰ প্ৰীতিপুৰগাঁৱৰ ওচমান আলি (৫০)নামৰ লোকগৰাকীৰ শৰীৰত আজিৰ পৰা পাঁচ দিন আগতে কোভিড-১৯পজিটিভ ধৰা পৰিছিল।

আৰক্ষী-প্ৰশাসনৰ সহযোগত ওচমান আলিক চিকিৎসা বিভাগে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড আইশ্যলেশ্চন কেন্দ্ৰত ভৰ্তি কৰায়। কিন্তু লোকগৰাকীৰ যোৱা নিশা প্ৰায় ১২বজাত মৃত্যু হয় ।

মৃত্যুৰ সময়ত লোক গৰাকীয়ে পত্নী আৰু এগৰাকী পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়। উল্লেখযোগ্য যে ক’ৰোনাত মৃত্যু হোৱা ওচমান আলি ছয়গাঁৱ উদ্যোগিক বিকাশ কেন্দ্ৰৰ জামবাৰীত থকা মিলটন কোম্পানীৰ ছিক’ৰিটি গাৰ্ড হিচাপে কাম কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি