চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ… VIDEO

চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ… VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে বিশুদ্ধ খোৱাপানী যোগানৰ নামত ৰাজকোষৰ পৰা কোটি-কোটি টকা ব্যয় কৰি ৰাজ্যৰ চুকে-কোণে নিৰ্মাণ কৰিছিল পানী যোগান আঁচনি সমূহ। কিন্তু সেই পানী যোগান আঁচনি সমূহৰ পৰা সৰ্বসাধাৰণ ৰাইজে আজি লৈকে এটোপালো বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম ন'হল।

সংশ্লিষ্ট বিভাগটোৰ অকৰ্মণ্যতা তথা উদাসীনতাৰ ফলতে বছৰ-বছৰ ধৰি পৰিতক্ত অৱস্থাত পৰি থকা পানী যোগান আঁচনি সমূহ এতিয়া গৰুৰ গোহালিলৈ পৰিণত হৈছে। তেনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে চৰাইদেউ জিলাৰ মথুৰাপুৰ বগীবস্তি অঞ্চলত ৷

উল্লেখ্য যে, জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ২০১২ চনতে এই গাঁওখনত লাখ লাখ টকা ব্যয় কৰি পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও আজি লৈকে কাম সম্পূৰ্ণ হৈ নুঠাত বিশুদ্ধ খোৱা পানী পৰা বঞ্চিত হ'বলগীয়া গ্ৰামাঞ্চলটোৰ জনতা।

বছৰ বছৰ ধৰি আধাৰুৱা কৈ পেলাই থোৱা পানী যোগান আঁচনি খনৰ টেংকিৰ পৰাই ৰাইজে আইৰণযুক্ত পানীৰ লগতে পুখুৰীৰ লেতেৰা পানী খাই নিজৰ জীৱটোক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ বাধ্য হৈ পৰিছে। পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদী লৈ অহা চৰকাৰেও আচঁনিখন কাম সম্পূৰ্ণ কৰা ক্ষেত্ৰত কোনো কাণসাৰ নিদিয়াত ক্ষোভত ফাটি পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in