চৰাইদেউৰ টেঙাপুখুৰী প্ৰেক্ষাগৃহত পোষন মাহ উদযাপনঃ পৰম্পৰাগত থলুৱা খাদ্য সামগ্ৰীৰ প্ৰদৰ্শন…

চৰাইদেউৰ টেঙাপুখুৰী প্ৰেক্ষাগৃহত পোষন মাহ উদযাপনঃ পৰম্পৰাগত থলুৱা খাদ্য সামগ্ৰীৰ প্ৰদৰ্শন…

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহত বুধবাৰে পোষণ মাহ উদযাপন কৰা হয়৷ ইয়াৰ লগত লগত সংগতি ৰাখি এক শোভাযাত্ৰা উলিওৱা হয়৷য'ত থলুৱা সামগ্ৰী প্ৰদৰ্শন কৰা হয় ৷ দুপৰীয়া নাৰী সজাগতা বিষয়ত এক আলোচনা চক্ৰ তথা সজাগতা সভাৰ আয়োজন কৰা হয়।

লাকুৱা উন্নয়ন খণ্ডৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত শিশু, প্ৰসূতি মাতৃ তথা মহিলা সকলে খাব লগা পুষ্টিকৰ খাদ‍্যৰ বিষয়ে আলোচনা কৰা হয় । বিশেষকৈ কোভিড ভেকচিন গ্ৰহণ কৰাৰ লগতে প্ৰসূতি মাতৃয়ে লৱলগীয়া সাৱধানতাৰ বিষয়েও আলোচনা কৰা হয় ।

উল্লেখ্য যে যোৱা এক ছেপ্টেম্বৰৰ পৰা অব্যাহত থকা ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিকৰ খাদ্য গ্ৰহণ আদিৰ বিষয়ে এই সভাত মহিলা সকলক অৱগত কৰা হয় । প্ৰসূতি সকলৰ খাদ্যভ্যাসৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষৰে চৰাইদেউ জিলা সংহত শিশু প্ৰকল্পৰ সৌজন্যত বহুকেইটা অংগণাবাড়ী কেন্দ্ৰৰ সহযোগত পোষণ মাহ অভিযান অনুষ্ঠান দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰে৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ সকলক পৰিপুষ্টি সম্পৰ্কে সজাগতা সভা আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি ঘৰতে পোৱা থলুৱা পুষ্টিকৰ খাদ্য সামগ্ৰী আদি প্ৰদৰ্শন কৰা হয়৷ এই কাৰ্যসূচীত মুখ্য সমন্বয়ক ৰেনুকা চেতিয়া, মিতালি বৰা,পৰিসংখ্যা সহায়ক বীৰেন চেতিয়া
লাকুৱা খণ্ডৰ সমন্বক উৎপল ফুকনসহ জীৱিকা সখী,অংগনবাডী কৰ্মী সহায়িকা সকল উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in