প্ৰকৃতি সুৰক্ষা হকে নিৰৱচ্ছিন্নভাৱে গছপুলি ৰোপণ কৰিছে চৰাইদেউৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে…

প্ৰকৃতি সুৰক্ষা হকে নিৰৱচ্ছিন্নভাৱে গছপুলি ৰোপণ কৰিছে চৰাইদেউৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে…

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ এগৰাকী অক্লান্ত পৰিবেশ কৰ্মীয়ে নিৰৱে প্ৰকৃতিৰ সংৰক্ষণৰ হকে নিৰৱচ্ছিন্ন ভাৱে কাম কৰি এক অনুকৰণীয় আদৰ্শ দেখুৱাই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে ৷ নীৰৱে সেউজ বিপ্লৱ গঢ়ি তোলা এই গৰাকী প্ৰকৃতি সেৱক নাম হ'ল ধৰ্মেশ্বৰ কোঁৱৰ ৷ চৰাইদেউ জিলাৰ চুকাফা নগৰৰ নিবাসী তথা আদৰ্শ শিক্ষক, বিশিষ্ট সমাজকৰ্মী,বিভিন্ন সন্মানেৰে বিভূষিত ধৰ্মেশ্বৰ কোঁৱৰে ছাত্ৰ অৱস্থাৰ পৰাই পৰিবেশ সংৰক্ষণ প্ৰতি গুৰুত্ব দি আহিছিল ৷

১৯৯৩ চনত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলা কোঁৱৰে নিজৰ গৃহৰ ভূমিত বিভিন্ন ফলমূলৰ গছপুলি ৰোপণ কৰা লগতে পৰিয়ালৰ সদস্যৰ জন্মদিনটো ৰাজহুৱা স্থানত বৃক্ষৰোপণ কৰি নিজাৰ প্ৰচেষ্টাত প্ৰতিপাল কৰি আহিছিল ৷ তেওঁ ২০০০ চনৰ পৰা নিৰৱচ্ছিন্ন ভাৱে শিক্ষানুষ্ঠান,ধৰ্মীয় অনুষ্ঠান,ৰাজপথ দাঁতিত, ঐতিহাসিক স্থানৰ লগতে উৎসৱ- অনুষ্ঠানত আদিত কোঁৱৰে দুই লক্ষাধিককৈ অধিক বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছপুলি ৰোপন আৰু বিতৰণ কৰি আহিছে ৷

শিক্ষকতা দৰে অত্যন্ত দায়িত্বপূৰ্ণ বৃত্তি জড়িত হৈ থকা মাজতে ৰোপণ কৰা গছপুলি সমূহ নিজৰ গাঁথিৰ ধন ব্যয় কৰি সেইবোৰ আপডাল প্ৰতিপালন কৰি আহিছে ৷ প্ৰকৃতিসেৱক ধৰ্মেশ্বৰ কোঁৱৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটো চলা গ্ৰাম্য অভৰাৰণ্য স্থানীয় ৰাইজে উদ্যোগত গ্ৰহণ কৰা পাঁচ হেজাৰ গছপুলি ৰোপণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পাঁচ শ বিভিন্ন প্ৰজাতিৰ গছপুলি উদ্যোক্তাক আগবঢ়াই ৷

ইয়াৰ উপৰিও তেওঁ মথুৰাপুৰ জুনিয় কলেজ, মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতন, মথুৰাপুৰ মছজিদ আৰু চৰাইদেউ পৰ্বত বাগিচাৰ গছপুলি ৰোপণ লগতে বিতৰণ কৰে ৷ প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁৱৰৰ এনে প্ৰশংসনীয় পদক্ষেপ নিশ্চিত ভাৱে সকলোৱে বাবে এক আদৰ্শ হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in