চৰাইদেউৰ মথুৰাপুৰত পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি

চৰাইদেউৰ মথুৰাপুৰত পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, চৰাইদেউঃ জম্মু কাশ্মীৰৰ পুলৱামাত নিহত হোৱা বীৰ ছহিদ জোৱান সকললৈ শ্ৰদ্ধা জনাই শনিবাৰে সন্ধিয়া চৰাইদেউ জিলাৰ মথুৰাপুৰ সদৰ তিনিআলিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমবেত হৈ ৰাজহুৱা ভাবে বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

বিভিন্ন দল সংগঠনৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰি বীৰ ছহিদ জোৱান কেইজনৰ আত্মবলিদানক সন্মান জনাই এক মিনিট মৌন প্ৰাৰ্থনা কৰা লগতে পাকিস্তান মুৰ্দাবাদ, হিন্দুস্তান জিন্দাবাদ, বীৰ ছহিদ অমৰ হওঁক আদি ধ্বনি দিয়ে৷ অনুষ্ঠানত সমবেত সকলে এই ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দি আহত সকলৰ আশু আৰোগ্য কামনা কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in