শনিবাৰৰ পৰা চৰাইদেউ মৈদামত স্বৰ্গদেউসকলৰ ৬৭ সংখ্যক স্মৃতি তৰ্পন অনুষ্ঠান আৰম্ভ

শনিবাৰৰ পৰা চৰাইদেউ মৈদামত স্বৰ্গদেউসকলৰ ৬৭ সংখ্যক স্মৃতি তৰ্পন অনুষ্ঠান আৰম্ভ

ডিজিটেল সংবাদ, চৰাইদেউঃ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আহোম স্বৰ্গদেউ সকলৰ ৬৭ সংখ্যক স্মৃতি তৰ্পন অৰ্থাৎ বিয়াল্লিছ খন শৰাই দিয়া অনুষ্ঠান৷ কাৰ্যসূচী অনুসৰি শুকুবাৰে পুৱা ১০ বজাত দ'লবাগানস্থলীত লাংকুৰি দেওশালৰ নামনিত গোটা দ'লত চোমদেও গুৱা-পাণ, চাকি শলিতা জ্বলাই আৰু কলপাতত সজাই-পৰাই পায়সৰ শৰাই আগবঢ়োৱা হয়৷ মথুৰাপুৰ কোঁৱৰ গাঁৱৰ প্ৰয়াত ৰমা ৰাজকোঁৱৰৰ পৰিয়ালবৰ্গই  কৰা এই অনুষ্ঠান ভাগিত স্থানীয় ভকত-বৈষ্ণৱে অংশ গ্ৰহন কৰে।

সন্ধিয়ালৈ মৈদাম থলীত বন্তি প্ৰজ্বলন আৰু নিশালৈ ভকত-বৈষ্ণৱৰ দ্বাৰা নাম কীৰ্তন অনুষ্ঠিত হ'ব৷ দেওবাৰে পুৱা ৮ বজাত তৰ্পন সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত ১০ বজাৰ পৰা বান-ফী আৰু স্বৰ্গদেউ সকললৈ ৪২ খন শৰাই আৰু পুস্পাঞ্জলি তৰ্পন কৰা হ'ব। দিনৰ ১ বজাৰ পৰা চাওফা (স্বৰ্গদেউ) সকলৰ স্মৃতিচাৰণ আৰু আলোচনা সভা অনুষ্ঠিত হ'ব৷

উল্লেখ্য যে, গৌৰৱোজ্বল আহোম ৰাজত্ব কালৰ ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ শাসন কৰা ৩৯ গৰাকী স্বৰ্গদেউৰ লগতে আৰাধ্য দেৱতা লেংডন, ঙি খুনলুং আৰু ঙি খুনলাইৰ নামত ৪২খন শৰাই উৎসৰ্গা কৰি ১৯৫২ চনৰ পৰাই চ'ত মাহৰ কৃষ্ণা চতুৰ্থীত ঐতিহাসিক চৰাইদেউ মৈদাম থলীত প্ৰতি বছৰে এই অনুষ্ঠান ভাগি পৰম্পৰাগতভাবে স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in