চৰাইদেউৰ টেঙাপুখুৰীত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি… VIDEO

চৰাইদেউৰ টেঙাপুখুৰীত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি… VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ টেঙাপুখুৰী আৰক্ষী চকীতো বৃহস্পতিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ দেৱজিত বৰুৱা নামৰ এজন যুৱকক টেঙাপুখুৰী অঞ্চলত অন্য কেইজন মান ব্যক্তিয়ে গুৰুলা গুৰুলকৈ মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি এই পৰিবেশ।

বুধবাৰে সন্ধ্যা সময়ত দেৱজিৎ বৰুৱাই টেঙাপুখুৰী তিনি আলিত থকা এখন দোকানৰ পৰা বস্তু ক্ৰয় কৰি থকা অৱস্থাত স্থানীয় কেইজনমান লোকে কোনো বাচ বিচাৰ নকৰাকৈ যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাত যুৱকজন গুৰুত্বভাৱে আহত হয়৷

ঘটনাৰ সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে আৰক্ষী এজাহাৰ দিয়া পিচতো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে গুৰুত্ব আৰোপ নকৰাত বৃহস্পতিবাৰে নিশালৈ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ শ শ যুৱক মহিলা পুৰুষ ওলাই আহি ব্যস্ততাপুৰ্ণ ঐতিহাসিক ধোদৰ আলিত টায়াৰ জ্বলাই অৱৰোধ কৰি বিভিন্ন শ্লগানেৰে পথ অৱৰোধ কৰে।

প্ৰায় চাৰি ঘন্টা ধৰি অৱৰোধ কৰি ৰখাৰ পাছত শ শ যানবাহন চলাচলত বাধা আহি পৰে। ঘটনাস্থলীত চৰাইদেউ জিলাৰ উপ আৰক্ষী অধিক্ষক উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ ঘটাৰ উচিত তদন্ত কৰা আশ্বাস প্ৰদান কৰাত নিশা এঘাৰ বজাত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in