চৰাইদেউৰ মাইবেলাৰ দলঙত বৃহৎ ফাঁট, যিকোনো সময়ত সংঘটিত হ’ব পাৰে অঘটন…

চৰাইদেউৰ মাইবেলাৰ দলঙত বৃহৎ ফাঁট, যিকোনো সময়ত সংঘটিত হ’ব পাৰে অঘটন…

ডিজিটেল সংবাদ ,চৰাইদেউঃ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ চৰাইদেউৰ মাইবেলাত চফ্ৰাই নৈৰ ওপৰত থকা পকী দলংখনৰ এটা মূৰত দুটাকৈ বৃহৎ ফাট মেলাত দলং খনত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দেখা দিছে। শিৱসাগৰ-সোনাৰি সংযোগী ঐতিহাসিক তথা সদা ব্যস্ত ধোদৰআলিত থকা এই দলংখনৰ পূব দিশত সৃষ্টি হোৱা বৃহৎ ফাঁট দুটাৰ ফলত দলংখন যি কোনো সময়ত খহি পৰিব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।  দলংখন খহি পৰিলে সোনাৰি আৰু শিৱসাগৰৰ মাজত যাতায়ত ব্যাহত হৈ পৰিব।

উল্লেখযোগ্য যে, বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বৃহৎ পুঁজি ব্যয় কৰি এই দলংখন নিৰ্মান কৰা হৈছিল। কিন্তু দলংখনৰ নিৰ্মাণ কাৰ্য্যত সম্ভৱত দুৰ্নীতি সংঘটিত হোৱাৰ বাবে মাত্ৰ ১৪-১৫ বছৰ নৌহওঁতেই ই জহি-খহি যোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰৰ পৰা প্ৰায় এবছৰ পূৰ্বে দলংখনৰ উক্ত অংশত ফাট মেলিছিল। সংবাদমাধ্যমত এই সম্পৰ্কে বাতৰি প্ৰকাশিত হোৱাত গড়কাপ্তানী বিভাগে মেৰামতি কৰিছিল।

কিন্তু এই মেৰামতি অতি নিম্ন মানৰ হোৱাত দলং খনৰ পূৰ্বেৰ একেই অংশতে পুনৰ ফাঁট মেলাত জিলাবাসী ৰাইজে তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰিছে। উল্লেখ্য যে দলংখনৰ ওপৰেদি সোনাৰি আৰু শিৱসাগৰৰ মাজত দৈনিক বৃহৎ সংখ্যক যান-বাহন চলাচল কৰে। ইয়াৰ উপৰিও চুবুৰীয়া ৰাজ্য নগালেণ্ড আৰু অৰুণাচল প্ৰদেশলৈ বহু সংখ্যক যান-বাহন এই দলং খনৰ ওপৰেদি অহা-যোৱা কৰে।

আনহাতে ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী তথা সোনাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে নিজৰ গৃহ সমষ্টিলৈ এই খন দলঙৰ উপৰেদিয়েই অহা-যোৱা কৰে। সম্প্ৰতি যাতায়তৰ বাবে অতি বিপদজনক হৈ পৰা এই গুৰুত্বপূৰ্ণ দলংখনৰ মেৰামতিৰ ব্যৱস্থা অতিশীঘ্ৰে গ্ৰহণ নকৰিলে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি কয় স্থানীয় ৰাইজে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in