চৰাইদেউত ৪ দিনীয়াকৈ অনুষ্ঠিত অবিৰত ভাগৱত পাঠৰ আজি অন্তিম দিন…

চৰাইদেউত ৪ দিনীয়াকৈ অনুষ্ঠিত অবিৰত ভাগৱত পাঠৰ আজি অন্তিম দিন…

ডিজিটেল সংবাদ, চৰাইদেউঃ বিশ্ব শান্তি আৰু কল্যাণৰ অৰ্থে চৰাইদেউৰ জিলাৰ ঐতিহাসিক মৈদামথলীৰ সমীপৰ চুকাফা নগৰৰ নামঘৰত চাৰিদিনীয়া কৈ অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠৰ আজি অন্তিম দিন ৷ অঞ্চলটোৰ বহু কেইটা নামঘৰ একত্ৰিত হৈ যোৱা শনিবাৰ পৰা আৰম্ভ হোৱা অবিৰত ভাগৱত পাঠৰ সামৰণি দিনা হৰি নামৰ ধ্বনিয়ে মুখৰিত হৈ পৰে নামঘৰ চৌহদ ৷

উল্লেখ্য যে,  ৯ মাৰ্চৰ পৰা আৰম্ভ হোৱা ভাগৱত পাঠৰ সৈতে সংগতি ৰাখি আসন প্ৰতিষ্ঠা, ঊষা কীৰ্তন , ধৰ্মধ্বজা উত্তোলন, নাম প্ৰসংগ, ভাগৱত ভ্ৰমণ আৰু কীৰ্তন পাঠও অনুষ্ঠিত হয় ৷

অন্তিম দিনা বিভিন্ন স্থানৰ অহা যথেষ্ট সংখ্যক ভক্তবৃন্দ , আইমাতৃ তথা ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিয়ে অঞ্চলটো দ্বিতীয় বৈকুণ্ঠপুৰলৈ পৰিণত কৰে ৷ বিয়লি সমূহীয়া নামপ্ৰসংগ,প্ৰসাদ বিতৰণ আৰু বন্তি প্ৰজ্বলনৰ পাচতেই ভাগৱত পাঠৰ সামৰণি পৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in