শেহতীয়া খবৰ
হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...

দৈনিক মজুৰি বৃদ্ধিৰ দাবীত চৰাইদেউ মথুৰাপুৰ বাগিছাত চাহ শ্ৰমিকৰ প্ৰতিবাদ…

69

ডিজিটেল ডেস্ক : চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,মাটিৰ পট্টা দিয়া,চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বেই ২০ শতাংশ বোনাচ আদায়ৰ দাবীত বুধবাৰে মথুৰাপুৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক ৰাইজে৷

বাগিচাখনৰ মজদুৰ সংঘৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ৷প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি