চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ…

চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ…

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ বিশিষ্ট কবি, সাহিত্যিক সংগঠক লোকশিল্পী চাও দেৱেন্দ্ৰ চৰণ বৰবৰুৱাৰ শনিবাৰে বিয়লি নিজ গৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৮ বছৰ। বৰুৱা দীৰ্ঘদিন ধৰি অসুস্থ হৈ ঘৰতে চিকিৎসাধীন আছিল। তিতাবৰ বৰএৰাৰ নিবাসী বিশিষ্ট শিল্পী সাহিত্যিকগৰাকীৰ মৃত্যুত সমগ্ৰৰ তিতাবৰত গভীৰ শোকৰ ছাঁ পৰে। ১৯৪৫ চনত তিতাবৰ বৰএৰাত জন্মগ্ৰহণ কৰা দেবেন্দ্ৰ চৰণ বৰুৱা এসয়ত ককা নীলমণি ফুকনৰ ব্যক্তিগত সচিব আছিল। ককা নীলমণি ফুকনৰ ব্যক্তিগত সচিব ৰূপে থাকোতে তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, হেমঙ্গ বিশ্বাস, কথাশিল্পী চৈয়দ আব্দুল মালিক, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, উচ্চতম ন্যায়ালয়লৰ ন্যায়াধীশ বি এল হাংচাৰিয়াৰ লগতে অসমৰ বহুকেইগৰাকী বিশিষ্ট শিল্পী সাহিত্যিকৰ সান্নিধ্য পাইছিল।

তেওঁ বিভিন্ন বিষয়ত শতাধিক অধিক গ্ৰন্থ লিখাৰ লগতে প্ৰায় পোন্ধৰশৰো অধিক বিহুৰ ওপৰত গৱেষণাধৰ্মী প্ৰবন্ধ লিখিছিল। তেখেত প্ৰান্তিকৰ লগতে অসমৰ কেইবাখনো দৈনিক বাতৰি কাকতৰ নিয়মীয়া স্তম্ভ লেখক আছিল। বিগত ৪০ বছৰ ধৰি তিতাবৰৰ পৰা প্ৰকাশিত অধুনালুপ্ত 'চেনেহী অসম ' সাময়িক পত্ৰিকাৰ প্ৰকাশক সম্পাদকৰ দায়িত্বপালন কৰিছিল। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেওঁ মালিতা আকাৰত লিখা গ্ৰন্থখন প্ৰকাশৰ পথত আছিল।

বিশিষ্ট শিল্পী সাহিত্যিক গৰাকীক অসম ঢুলীয়া শিল্পী সন্মিলনে 'লোকশ্ৰী ' উপাধি দিয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে যোৰহাটত মঘাই ওজা দিৱসত 'মঘাই ওজা বঁটা ' প্ৰদান কৰিছিল। তিতাবৰৰ আছুৱে তেওঁক লোক শিল্পী বঁটা দিয়াৰ লগতে ভুৱন হাজৰিকা বঁটা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে শনিবাৰে তিতাবৰৰ ব্যৱসায়ীসকলে নগৰখনৰ সকলো দোকান বজাৰ বন্ধ কৰি শোক প্ৰকাশ কৰে।ইফালে বিশিষ্ট শিল্পী সাহিত্যিক গৰাকীক নিজ গৃহতে অসম ঢুলীয়া শিল্পী সন্মিলন যোৰহাট জিলা সমিতিয়ে ঢোলৰ চাপৰ মাৰি শেষ শ্ৰদ্ধাঞ্জলি জনায় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in