১০ বছৰে অসম্পূৰ্ণ আন্তঃগাঁথনি উন্নয়ন নিগমৰ চাংসাৰি উদ্যোগ পাম…

১০ বছৰে অসম্পূৰ্ণ আন্তঃগাঁথনি উন্নয়ন নিগমৰ চাংসাৰি উদ্যোগ পাম…

ডিজিটেল সংবাদ, চাংসাৰিঃ অসম চৰকাৰৰ উদ্যোগ বিভাগৰ অধীনৰ অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমে ২০০৮-০৯চনতেই উত্তৰ গুৱাহাটীৰ ৰাজহচক্ৰৰ শিলাসেন্দুৰী ঘোপা মৌজাৰ সেন্দুৰীঘোপাত আৰম্ভ কৰা উদ্যোগপামখন ১০ বছৰৰ পাছতো সম্পূৰ্ণ হৈ উঠা নাই। উল্লেখ্য যে, পামখনৰ বাবে সেই সময়তে ৩০০ বিঘা কৃষিভূমি ক্ৰয় কৰাৰ বাবে নিগমে লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও মাত্ৰ ১০০ বিঘামান ভূমিহে নিগমে ক্ৰয় কৰিবলৈ সক্ষম হয়।

ইফালে,অন্য ১০০ বিঘা মাটি একচনা, কোনো কৃষকৰ মাটি, অন্য সম্পৰ্কীয় চুক্তি কৰা আদি অনেকগোচৰ ৰাজহ চক্ৰত চলি আছে। ইফালে, নিগমৰ দায়িত্বশীল বিষয়াই একাংশ মাটি দালালৰ বাবেইএই মাটিখিনি গোচৰৰ পৰ্যায়লৈ গ'ল বুলিও প্ৰকাশ কৰে।

নিগমেক্ৰয় কৰা ১০০ বিঘা ভূমিৰ আটাইখিনি কেইবাটাও উদ্যোগক বিক্ৰী কৰা হৈছে যদিও তাৰভিতৰত ৬টা উদ্যোগহে স্থাপন কৰা হৈছে।ইফালে, পামখনলৈ সোমাই যোৱা পথ দুটিপ্ৰাথমিকভাৱে নিগমে নিৰ্মাণ কৰিছিল যদিও চলি থকা উদ্যোগ কেইটাই মেৰামতি কৰিবলগীয়াহয়। এনে অসম্পূৰ্ণ অৱস্থাত পামখন থকাত পামৰ ওচৰৰ মাটিত কৃষকে খেতি কৰিবও পৰা নাই।তদুপৰিপামখনত উদ্যোগবোৰ স্থাপন হ'লে বহু নিবনুৱাৰ কৰ্ম সংস্থাপনৰ বাট মুকলি হোৱাৰো আশাআছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in