শেহতীয়া খবৰ
ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক…

ডিজিটেল সংবাদ, দুমুনিচকী: চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা আৰ্মি কেম্পৰ সন্মুখত শনিবাৰে সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত এখন গাখীৰ ভৰ্তি ট্ৰাক পথৰ ওপৰতে লুটি খাই পৰে। জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৪.৩০ বজাত শিলিগুৰিৰ পৰা গুৱাহাটীলৈ বুলি গৈ থকা এইচ আৰ ৫৫ এল ৭৬০২ নম্বৰৰ ১২ চকীয়া এখন গাখীৰ ভৰ্তি ট্ৰাকে ৰাষ্ট্ৰীয় ঘাই পথটোৰ মাজৰ ডিভাইডাৰত খুন্দা মাৰি চাংসাৰি আৰ্মি কেম্পৰ সন্মুখৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত লুটি খাই পৰে।

ফলত চালক গৰাকী সৌভাগ্য ক্ৰমে ৰক্ষা পৰে যদিও ট্ৰাকখনত থকা ২৪ হাজাৰ লিটাৰ গাখীৰ পথৰ ওপৰত পৰি বিস্তৰ ক্ষতি হয়। চালকৰ পৰা দুৰ্ঘটনা সন্দৰ্ভত জানিব বিচৰাত ১২ চকীয়া ট্ৰাকখন নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, ঘাই পথটোৰ ওপৰতে গাখীৰভৰ্তি ট্ৰাকখন বাগৰি পৰাৰ ফলত উক্ত পথটো বন্ধ হৈ পৰে। পিছত চাংসাৰি থানাৰ আৰক্ষীয়ে ট্ৰাকখন উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি পথটো মোকলোৱাৰ ব্যৱস্থা কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি