চন্দ্ৰযান-২ৰ অৰ্বিটাৰ আৰু লেণ্ডাৰৰ বিষয়ে কি ক’লে ইছৰ’ই…

চন্দ্ৰযান-২ৰ অৰ্বিটাৰ আৰু লেণ্ডাৰৰ বিষয়ে কি ক’লে ইছৰ’ই…

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ সৈতে বৰ্তমানলৈ স্থাপন হোৱা নাই সংযোগ। সময় পাৰ হোৱাৰ লগতে ইছৰ'ই পুনৰ বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাৰ আশাও হ্ৰাস পোৱা দেখা গৈছে। ইফালে, বৃহস্পতিবাৰে ইছৰ'ই এক টুইটযোগে জনাইছে যে, চন্দ্ৰযান-২ৰ অৰ্বিটৰে নিজৰ নিৰ্ধাৰিত পৰীক্ষা সমূহ কৰি যাব। আনহাতে, নেশ্যনেল কমিটী অৱ একাডেমিক্স আৰু ইছৰ' বিশেষজ্ঞসকলে বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ কিয় বিচ্ছিন্ন হৈছিল তাৰ বিষয়ে জানিবলৈ কাম-কাজ চলাই আছে।

ইছৰ'ই কয় যে- 'চন্দ্ৰযান-২ৰ অৰ্বিটাৰে আটাইবোৰ পেল'ডে ঠিকমতেকাম কৰি আছে। পেল'ডসমূহৰ আৰম্ভণিৰ পৰীক্ষাসমূহ সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। আৰুপৰীক্ষা কৰাৰ পাছত পেল'ডসমূহৰ কৰা কাম সন্তোষজনক।' ইছৰ'ই লগতে কয় যে, বিশেষজ্ঞসকলেবিক্ৰম লেণ্ডাৰৰ সৈতে কিয় সংযোগ বিচ্ছিন্ন হৈছিল সেই বিষয়ে জানিবলৈ গৱেষণা চলাইআছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in