আজি মাজনিশা লেণ্ডাৰ ‘বিক্ৰম’ অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত, সম্পন্ন হ’ব চন্দ্ৰযান-২ অভিযানৰ সবাতোকৈ জটিল প্ৰক্ৰিয়া…

আজি মাজনিশা লেণ্ডাৰ ‘বিক্ৰম’ অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত,  সম্পন্ন হ’ব চন্দ্ৰযান-২ অভিযানৰ সবাতোকৈ জটিল প্ৰক্ৰিয়া…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসীৰ বাবে এই সময়খিনি হব অতিকৈ শ্বাসৰুদ্ধকৰ। প্ৰায় ডেৰ মাহ পূৰ্বে জোনবাইৰ দেশলৈ যাত্ৰা কৰা চন্দ্ৰযান ২য়ে শুকুৰবাৰে নিশা ৰচিব ইতিহাস। শুকুৰবাৰে নিশা চন্দ্ৰযান–২ৰ লেণ্ডাৰ 'বিক্ৰম' অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত। চন্দ্ৰযান-২ ৰ অভিযানত লেণ্ডাৰ বিক্ৰম অৱতৰণৰ অন্তিম ১৫ মিনিট চন্দ্ৰযান–২ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। কিয়নো লেণ্ডাৰ 'বিক্ৰম'ৰ অৱতৰণৰ পিছতে এই অভিযান সফল হিচাপে পৰিগণিত হ'ব।

ইছৰোৰ ৱেবচাইটৰ পৰা জানিব পৰা অনুসৰি শুকুৰবাৰে মাজনিশা চন্দ্ৰযান–২ৰ লেণ্ডাৰ 'বিক্ৰম' অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত। নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত সম্পন্ন হব চন্দ্ৰযান-২ৰ সবোতোকৈ জটিল প্ৰক্ৰিয়াটো। নিশা ডেৰ বজাৰ পিছত লেণ্ডাৰ 'বিক্ৰম'ৰ গতি প্ৰায় ৬ কিলোমিটাৰ হ'ব প্ৰতি ছেকেণ্ডত অৰ্থাৎ প্ৰতিঘন্টাত হব ২১৬০০ কিলোমিটাৰ। অৱতৰণৰ অন্তিম ১৫ মিনিটত লেণ্ডাৰ 'বিক্ৰম'ৰ গতি একেবাৰে কম কৰিব লাগিব। ৬ কিলোমিটাৰৰ পৰা হ্ৰাস কৰি প্ৰতি ছেকেণ্ডত ২ মিটাৰ কৰিব লাগিব ইয়াৰ গতি। অৰ্থাৎ প্ৰতিঘণ্টাত ৭ কিলোমিটাৰ।

মহাকাশত লেণ্ডাৰ 'বিক্ৰম'ৰ গতি হ্ৰাস কৰাৰ বাবে থ্ৰাষ্টাৰৰ ব্যৱহাৰ কৰা হ'ব। ইয়াৰ দ্বাৰা মহাকাশ যানৰ গতি বৃদ্ধি কৰা হয়। কিন্তু ওলোটাকৈ ইয়াৰ ব্যৱহাৰৰ ফলত মহাকাশ যানৰ গতি হ্ৰাস হয়। হঠাৎ এইধৰণে গতি হ্ৰাস কৰাটো বিজ্ঞানীসকলৰ বাবে এক প্ৰত্যাহ্বান।

কি স্থানত অৱতৰণ কৰিব সেয়া নজৰ ৰাখিব লাগিব লেণ্ডাৰ 'বিক্ৰম'–এ। লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় ৩ ঘণ্টা পিছত বাহিৰলৈ আহিব ৰ'ভাৰ 'প্ৰজ্ঞান'। উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিলত ইজৰাইলৰ এক অভিযান ব্যৰ্থ হৈছিল। বিজ্ঞানীয়ে লেণ্ডাৰৰ গতি হ্ৰাস কৰাত সফল নোহোৱাৰ ফলত চন্দ্ৰপৃষ্ঠত ক্ৰেছ লেণ্ডিং হৈছিল। এতিয়ালৈ ১০৯টা চন্দ্ৰ অভিযানৰ ভিতৰত ৪১টা বিফল হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in