চন্দ্ৰযান-২ঃ বিফলতাৰ পিছত আহে সফলতা! এদিন ব্যৰ্থতাক কেনেকৈ মূৰ পাতি লৈছিল মিছাইল মানৱ আব্দুল কালামে…

চন্দ্ৰযান-২ঃ বিফলতাৰ পিছত আহে সফলতা! এদিন ব্যৰ্থতাক কেনেকৈ মূৰ পাতি লৈছিল মিছাইল মানৱ আব্দুল কালামে…

ডিজিটেল ডেস্কঃ নতুন এক ইতিহাস ৰচনাৰ বাবে ৯৯ শতাংশ আগবাঢ়িও অন্তিম ক্ষণত থমকি ৰ'বলগা হ'ল ভাৰত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী সকলৰ সীমাহীন শ্ৰমৰ ফচল চন্দ্ৰযান-২য়ে ৭ ছেপ্টেম্বৰৰ পুৱতি নিশা চন্দ্ৰপৃষ্ঠৰ নিচেই সমীপত উপনীত হৈছিলগৈ যদিও অৱতৰণ কৰাত সফল হ'ব নোৱাৰিলে। প্ৰধানমন্ত্ৰীৰে সৈতে বহি থকা ইছৰ'ৰ বিজ্ঞানীসকল আৰু নতুন প্ৰজন্মৰ এচাম প্ৰতিনিধিৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে অধীৰ উৎকণ্ঠাৰে চন্দ্ৰযান-২ৰ অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ অপেক্ষা কৰিছিল যদিও শেষ সফলতাকণ প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হ'ল।

ইছৰ'ৰ অধ্যক্ষৰ পৰা এই বিজুতিৰ বিষয়ে অৱগত হোৱাৰ মুহূৰ্ততে বিজ্ঞানী সকলৰ মাজত দেখা দিয়া হতাশাৰ পৰিস্থিৰি চম্ভালি লৈ অতি বিচক্ষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোকে সম্বোধন কৰি ক'লে- এনে বিজুতিক বিফলতা বুলি গণ্য কৰিব পৰা নাযায়। জীৱনত উঠা নমা সদায় থাকে আৰু এয়াই হ'ল সফলতাৰ ইংগিত। আপোনালোকে দেশবাসীৰ বাবে যি সেৱা কৰিছে সেয়া সমগ্ৰ দেশবাসীয়ে মনত ৰাখিব। আমিও আপোনালোকৰ লগত সদায় আছো। আপোনালোকৰ এই অভিযানৰ ধাৰাবাহিকতা অব্যাহত থাকিব।

অৱশ্যে প্ৰধানমন্ত্ৰীয়ে যিয়েই নকওঁক কিয়, বহু প্ৰস্তুতি, পৰিশ্ৰম আৰু প্ৰতীক্ষাৰ অন্তত সফলতাৰ সীমাৰেখালৈকে আগবাঢ়ি গৈ চন্দ্ৰযান-২ থমকি ৰ'বলগা হোৱাটোৱে অতি স্বাভাৱিকভাৱেই বিজ্ঞানী সকলৰ লগতে দেশবাসীক কিছু পৰিমাণে হতাশ কৰিলে। এদিন এনেদৰেই ব্যৰ্থতাৰ সন্মুখীন হৈছিল মিছাইল মেনখ্যাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামো। যি বিফলতাৰ পিছত বাতৰি কাকত ভৰি পৰিছিল ইছৰ' আৰু এ পি জে আব্দুল কালমাৰ ইতিকিংসূচক কাৰ্টুনেৰে। কিন্তু সেই ব্যৰ্থতাক মূৰ পাতি ল'ব পাৰিছিল তেওঁ। ইছৰ' আৰু তেওঁৰ বিৰুদ্ধে চলা ঠাট্টা মস্কৰাক প্ৰতিহত কৰি পৰৱৰ্তী সময়ত অন্য এক সফল অভিযানেৰে তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল আব্দুল কালামে।

১৯৭৯ চনৰ কথা। এছএলভি-৩ চেটেলাইট প্ৰক্ষেপণক লৈ দেশবাসী অধীৰ উৎসুক হৈ পৰিছিল। ১০ বছৰীয়া সাধনাৰ অন্তত তেতিয়াৰ ইছৰ'ৰ অধ্যক্ষ সতীশ ধাৱানৰ নেতৃত্বত ইছৰ'ৰ বিজ্ঞানীসকলে সাজু কৰি উলিয়াইছিল চেটেলাইট লাঞ্চ বিহাইকল (এছএলভি-৩)। দেশবাসীৰ অধীৰ অপেক্ষা আৰু ইছৰ'ৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টাৰে অৱশেষত কাউণ্ট ডাউন আৰম্ভ হৈছিল এছএলভি-৩ প্ৰক্ষেপণৰ। কিন্তু চেটেলাইট প্ৰক্ষেপণৰ মাত্ৰ কেই ছেকেণ্ডমানৰ পূৰ্বে বাতিল কৰিব লগা হ'ল এই অভিযান। তাৰ পিছতেই দেশজুৰি আৰম্ভ হ'ল ইছৰ'ৰ সমালোচনা। চেটেলাইটটোৰ প্ৰক্ষেপণৰ দায়িত্বত থকা বিজ্ঞানী এ পি জে আব্দুল কালাম, ইছৰ'ৰ অধ্যক্ষ সতীশ ধাৱানৰ ইতিকিংসূচক কাৰ্টুনেৰে ভৰি পৰিল বাতৰি কাকত।

২০১৩ চনত এক অনুষ্ঠানত মিছাইল মানৱ আব্দুল কালামে তেওঁৰ সেই বিফলতাৰ কথা সুঁৱৰি তাৰ সৈতে কেনেকৈ তেওঁ যুঁজ দিবলৈ সক্ষম হৈছিল সেই বিষয়ে ভাষণ দিছিল। চন্দ্ৰযান-২ৱে চন্দ্ৰৰ বুকুত অৱতৰণ কৰাত বিফল হোৱাৰ পিছত ভাগি পৰিছে ইছৰ'ৰ অধ্যক্ষ কে শিৱান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক সাৱটি লৈ কান্ধত থপ থপাই আশ্বস্ত প্ৰদান কৰিছে। চন্দ্ৰযান-২ৰ বিফলতা কে শিৱানৰ বাবে হতাশাৰ কাৰণ হোৱাটো স্বাভাৱিক। কিয়নো তাৰ সৈতে জড়িত হৈ আছে তেওঁৰ নেতৃত্বত কাম কৰা ইছৰ'ৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম, অশেষ সাধনা আৰু অধ্যাৱসায়।

'১৯৭৯ চনৰ কথা। তেতিয়া মই ইছৰ'ৰ প্ৰকল্প সঞ্চালক আছিলো। মোৰ অভিযান আছিল চেটেলাইটক অৰ্বিটলৈ প্ৰেৰণ কৰা। হাজাৰোধিক লোকে ইয়াৰ বাবে প্ৰায় ১০ বছৰ কঠোৰ পৰিশ্ৰম কৰিছিল। মই শ্ৰীহৰিকোটত উপস্থিত হোৱাৰ পিছত চেটেলাইট লাঞ্চপেডত প্ৰক্ষেপণৰ বাবে সাজু কৰা হৈছিল। নিৰ্দিষ্ট সময়ত আৰম্ভ হৈছিল কাউন্ট ডাউন। তেতিয়া প্ৰতিটো চেকেণ্ডতে যেন বৃদ্ধি পাইছিল আমাৰ বুকুৰ ধপধপনি। আমাৰ কষ্ট সাৰ্থক হোৱাৰ দিশত ক্ৰমে আগবাঢ়িছিল।' -২০১৩ চনত এ পি জে আব্দুল কালামে তেওঁলোকৰ ৰোমাঞ্চকৰ অভিযানটোৰ বিষয়ে কৈছিল এনেদৰে।

'আৰু মাত্ৰ কেই ছেকেণ্ডমান বাকী। হঠাৎ কম্পিউটাৰত আমি কিছু বিজুতিৰ সংকেত পালো। লগে লগে আমি চেটেলাইট লঞ্চ স্থগিত ৰাখিব লগা হ'ল। মই যিহেতু মিছন সঞ্চালক আছিলো, গতিকে সেই সময়ত মই এটা সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হৈছিল। বিশেষজ্ঞসকলে মোক পৰামৰ্শ দিলে যে সকলো ঠিকেই আছে। কম্পিউটাৰ বাইপাছ কৰি ৰকেট লঞ্চ কৰা হওক। মই সেয়া কৰিলো।' আব্দুল কালামে কৈছিল।

ভাষণত কালামে পৰৱৰ্তী সময়ত কি ঘটিছিল সেয়া সুঁৱৰি কৈছিল, 'এটা চেটেলাইট লঞ্চ কৰাৰ পূৰ্বে ৪টা পৰিক্ৰমা থাকে। তাৰে প্ৰথমটো পৰিক্ৰমা সম্পূৰ্ণৰূপে বিফল হৈ পৰিছিল তেতিয়া। দ্বিতীয়টোৱে সঠিকভাৱে কাম কৰা নাছিল। অৰ্বিটত চেটেলাইট সংলগ্ন কৰাৰ পিছত সি সঠিক পথ ল'ব নোৱাৰিলে। আমাৰ অভিযান বিফল হ'ল!'

কালামে কয় যে চেটেলাইট প্ৰক্ষেপণৰ বাবে যি সিদ্ধান্ত লোৱা হৈছিল, সেয়া তেওঁৰ নিজৰ সিদ্ধান্ত আছিল। কম্পিউটাৰে সতৰ্কবাণী দিয়াৰ পিছতো তেওঁ সিদ্ধান্ত লৈছিল। যাৰ বাবে অভিযানৰ বিফলতাও তেওঁ মূৰ পাতি ল'ব লাগিব। 'প্ৰথমবাৰলৈ মই বিফলতাৰ সন্মুখীন হৈছিলো… কিন্তু মই এই বিফলতা কেনেকৈ স্বীকাৰ কৰিম? সফলতাক মই স্বীকাৰ কৰিব পাৰো, কিন্তু বিফলতাক কেনেদৰে ল'ব পাৰি? -আব্দুল কালামে এনেদৰে কয়।

মিছনৰ বিফলতাৰ পিছত কালামে যেতিয়া ইছৰ'ৰ অধ্যক্ষ সতীশ ধাৱানক লগ কৰিবলৈ গৈছিল, তেতিয়া তেওঁ এখন সংবাদমেল সম্বোধন কৰি আছিল। সমালোচনাৰ সন্মুখীন হোৱাৰ ভয়ে সেই সময়ত ব্যতিব্যস্ত কৰি তুলিছিল মিছাইল মানৱগৰাকীক। কিন্তু সংবাদ মেলত ইছৰ'ৰ অধ্যক্ষ সতীশ ধাৱানে অতি সহজভাৱে এছএলভি-৩ৰ বিফলতা মূৰ পাতি লোৱা তেওঁ দেখিছিল। সংবাদ মাধ্যমক উদ্দেশ্যি তেতিয়া ধাৱানে কৈছিল- 'বন্ধু সকল, আজি আমি ব্যৰ্থ হৈছো। মই মোৰ বিজ্ঞানী, প্ৰযুক্তিবিদ আৰু সহকৰ্মীসকলক সমৰ্থন আগবঢ়াইছো। যাতে তেওঁলোকে পিছৰ বছৰত সফলতা লাভ কৰিব পাৰে।'

'তেওঁ সকলো দোষ মূৰ পাতি লৈছিল আৰু সমালোচনাৰো সন্মুখীন হৈছিল। তেওঁৰ বিশ্বাস আছিল যে আমি পিছৰ বছৰত সফলতা লাভ কৰিবলৈ সক্ষম হম। কাৰণ তেওঁ জানিছিল তেওঁৰ নেতৃত্বৰ ইছৰ'ৰ এই দলটোৱে যথেষ্ট পৰিশ্ৰম আৰু আন্তৰিকতাৰে কাম কৰিব পাৰে।' -কালামে কয়। সতীশ ধাৱানৰ সেই আশ্বাসক বাস্তৱায়িত কৰি পৰৱৰ্তী বছৰৰ অৰ্থাৎ ১৯৮০ চনৰ ১৮ জুলাইত আব্দুল কালামৰ নেতৃত্বত ইছৰ'ৱে ৰোহিণী আৰএছ-১ উপক্ষেপণ কৰিবলৈ সক্ষম হয়।

কিন্তু সেই বিফলতাই এক নতুন আৰু গুৰুত্বপূৰ্ণ শিক্ষা দিছিল এপিজে আব্দুল কালামক। তেওঁ কৈছিল -'মই সেইদিনা এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছিলো। যেতিয়া বিফলতা আহে, তেতিয়া নেতৃত্ব প্ৰদান কৰোঁতাজনে সেই বিফলতা নিজেই মূৰ পাতি লয়। কিন্তু যেতিয়া সফলতা আহে, তেতিয়া তেওঁ তাৰ কৃতিত্ব তেওঁৰ নেতৃত্বত থকা দলটোক প্ৰদান কৰে। পৰিচালনাৰ এই উৎকৃষ্ট অধ্যায় মই কোনো কিতাপৰ পৰা শিকিবলৈ পোৱা নাই, এয়া মোৰ অভিজ্ঞতাৰ পৰা লাভ কৰিছো।' -ব্যৰ্থতাক স্বীকাৰ কৰি সফলতাৰ দিশে আগবাঢ়ি মিছাইল মেনৰ খ্যাতি লাভ কৰা এপিজে আব্দুল কালামে এনেদৰে কৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in