পৰিয়ালক দিয়া নহ’ল কোৰোনা ৰোগীৰ মৃতদেহ, কিন্তু প্ৰশাসনৰ লোকে মানিছেনে কোভিড প্ৰট’ক’ল…

পৰিয়ালক দিয়া নহ’ল কোৰোনা ৰোগীৰ মৃতদেহ, কিন্তু প্ৰশাসনৰ লোকে মানিছেনে কোভিড প্ৰট’ক’ল…

ডিজিটেল সংবাদ, চন্দ্ৰপুৰঃ চন্দ্ৰপুৰৰ ঠাকুৰকুছি গাঁৱৰ এগৰাকী যুৱকৰ শনিবাৰে সন্ধিয়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা নকৰাৰ ফলত জিএমচিএইচৰ মৰ্গতে মৃতদেহ পৰি থকা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোভিডত মৃত যুৱকজনৰ মৃতদেহটো সৎকাৰৰ বাবে পৰিয়ালৰ লোকে জিএমচিএইচ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সৈতে বাৰাম্বাৰ যোগাযোগ কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বিমূৰত পৰে পৰিয়ালৰ লোকসকল। ফলত পৰিয়ালৰ লোকে নিজাববীয়াকৈ যুৱকজনৰ মৃতদেহ সৎকাৰৰ চিন্তা-চৰ্চা কৰিব লগীয়াত পৰে।

ইফালে, এগৰাকী কোভিড আক্ৰান্তৰ মৃতদেহ প্ৰায় ২৪ ঘন্টা উকলি যোৱাৰ পাছতো প্ৰশাসনে সৎকাৰৰ ব্যৱস্থা নকৰাক লৈও উত্থাপিত হৈছে সন্দেহ। যুৱকজনৰ মৃতদেহ সৎকাৰৰ বিপৰীতে যদি পৰিয়ালৰ লোকে ব্ৰহ্মপুত্ৰত পেলাই দিয়ে তেন্তে উত্তৰ প্ৰদেশ চৰকাৰে গংগাত কোভিড আক্ৰান্তৰ মৃতদেহ পেলাই দিয়াৰ লেখিয়া ঘটনা সংঘটিত হ'ব নেকি বুলি এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপিত কৰিছে।

তথ্য অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাতে চন্দ্ৰপুৰৰ ঠাকুৰকুছি গাৱৰ কোভিড আক্ৰান্ত যুৱকজনৰ জিএমচিএইচত মৃত্যু হৈছিল। ইয়াৰ পাছতে কান্দোনৰ ৰোল উঠে যুৱকজনৰ পৰিয়ালৰ মাজত। তাৰ মাজতে যুৱকজনৰ তিনিগৰাকী আত্মীয় জিএমচিএইচত উপস্থিত হৈ যুৱকজনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা সন্দৰ্ভত জিএমচিএইচ কৰ্তৃপক্ষৰে আলোচনাত মিলিত হয়। জিএমচিএইচ কৰ্তৃপক্ষৰ ফালৰ পৰা জিলা প্ৰশাসনৰে যোগযোগ কৰিবলৈ পৰিয়ালক অৱগত কৰে।

জিএমচিএইচ কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ সৈতে দেওবাৰে পুৱাই যোগাযোগ কৰে। সোনকালে যুৱকজনৰ মৃতদেহ কোভিড প্ৰট'কল মানি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জিলা প্ৰশাসনে পৰিয়ালৰ লোকক অৱগত কৰে। তাৰ পাছত কেইবাঘণ্টা উকলি যোৱাৰ পাছতো দেওবাৰে সন্ধিয়াৰ ভাগলৈ জিলা প্ৰশাসনে মৃতদেহটো সৎকাৰৰ ব্যৱস্থা নকৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে। ইফালে, জিএমচিএইচ কৰ্তৃপক্ষইও যুৱকজনৰ মৃত্যুৰ প্ৰমাণ পত্ৰ পৰিয়ালৰ লোকক চমজাই দিয়ে দায়িত্ব সামৰাৰ অভিযোগ কৰিছে আত্মীয়ই।

অৱশ্যে বাতৰি লিখা সময়লৈকে জানিব পৰা মতে, দণ্ডাধীশে জনাই যে উলুবাৰী শ্মশানলৈ নিয়া হ'ব তেওঁৰ মৃতদেহটো। য'ত কৰা হ'ব অন্তিম সৎকাৰ। কিন্তু উলুবাৰী শ্মশানলৈ নিয়াৰ পাছত দেখা পোৱা যায় এক আচৰিত দৃশ্য। পিপিই কীট পিন্ধা স্বাস্থ্য বিভাগ অথবা প্ৰশাসনৰ লোকে মৃতদেহটোৰ অন্ত্যেষ্টিক্ৰিয়া কৰিব লাগিছিল যদিও তাৰ বিপৰীতে ধৰ্মীয় সংখ্যালঘু একাংশ লোকেহে মৃতদেহটোৰ পৰা ঢাৰি আঁতৰাই অন্তিম সৎকাৰৰ কাম কাজ কৰা দেখা গৈছে।

কিন্তু লক্ষণীয় কথাটো হ'ল যে, এই লোক কেইজনৰ হাতত নাই হেণ্ড গ্ল'বছ, মুখত নাই মাস্ক। আৰু পিপিই কীট সংখ্যালঘু এই লোকজনে পৰিধান কৰাতো দূৰৈৰে কথা। এতিয়া প্ৰশ্ন হয় যে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনক যদি এনেদৰেই সৎকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে, তেন্তে এই কামটো পৰিয়ালৰ লোকেও কৰিব পাৰিলে হেঁতেন। প্রথম ইমান উত্তপ্ত হ'ব লগা পৰিস্থিতি সৃষ্টি হোৱাৰ কোনো প্ৰয়োজন নাছিল।

কিয়নো যি কেইজন লোকে মৃতদেহটোৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিব লৈছে তেওঁলোকে কোনো কোভিড প্ৰট'ক'ল মনা পৰিলক্ষিত হোৱা নাই। গতিকে এনেদৰে পৰিয়ালৰ লোকেও সৎকাৰ কৰিব পাৰিলে হয়। আৰু দ্বিতীয় কথাটো হ'ল- যদি এনেদৰেই অন্তিম সৎকাৰ কৰিব লগা আছিল তেন্তে পৰিয়ালক মৃতদেহ চমজাই নিদি ইমান সময় কিয় ল'লে প্ৰশাসনে?

ইফালে, পিপিই কীট পিন্ধি যোৱা লোকসকলে মৃতদেহটোৰ পৰা দূৰৈত থিয় হৈ কেৱল সমগ্ৰ দৃশ্য চাইহে আছে। এতিয়া প্ৰশ্ন হয় যে, যিসকলে লোকে কোনো মাস্ক পৰিধান নকৰাকৈ বা হেণ্ড গ্ল'বছ তথা পিপিই কীট পৰিধান নকৰাকৈ এই মৃতদেহটোৰ অন্তিম সৎকাৰৰ কাম বোৰ কৰিছে তেওঁলোকোতো নিজৰ পৰিয়ালৰ কাষলৈ উভতি যাব। তাৰ পাছত কি এই কোভিড সংক্ৰমণ বিয়পি নপৰিব নেকি? এয়া কাণ্ডজ্ঞানহীনতাৰ ফল নে জানি বুজি কৰা কাৰ্য? এয়া কোভিড প্ৰট'ক'ল মানি চলাৰ ভেকোভাওনা নেকি?

আনহাতে, উল্লেখ্যযোগ্য কথাটো হ'ল- বিগত ১৭ মেত দেহত কোভিডৰ অৱস্থিতি ধৰা পৰাত জিএমচিএইচত ভৰ্তি কৰা হৈছিল ঠাকুৰকুছি গাৱৰ পীতাম্বৰ নাথ (৪৩) নামৰ যুৱকজনক। বিগত কেইবাদিনো জিএমচিএইচত চিকিৎসাধীন হৈ থকাৰ পাছত শনিবাৰে সন্ধিয়া প্ৰায় ৭-৩০ মান বজাত মৃত্যুক সাৱটি লয় যুৱকজনে। ইপিনে যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালৰ লোকসকলৰ মাজত। আনকি বিপদৰ সময়ত মৃত যুৱকজনৰ পৰিয়ালৰ কাষত উপস্থিত হ'বলৈও এতিয়া নাই কোনো লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in