চানমাৰীৰ আশীৰ্বাদ ফ্লেটত গুলীচালনা, আহত এজনক ভৰ্তি চিকিৎসালয়ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। গুৱাহাটীৰ চানমাৰীৰ আশীৰ্বাদ এপাৰ্টমেন্টত সংঘটিত হৈছে এই ঘটনা। জন্মদিনৰ অনুষ্ঠানত গুলীচালনা কৰিছিল এজন অধিবক্তাই। এই গুলীচালনাত আহত হৈছে মিন্টু হাজৰিকা নামৰ এজন লোক।

ইতিমধ্যে আহত মিন্টু হাজৰিকাক ভৰ্তি কৰা হৈছে জিএনআৰচি হাস্পতালত। উল্লেখ্য যে, দামোদৰ ডেকা নামৰ ব্যক্তি এজনৰ ফ্লেটত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, গুলীচালনা কৰা পিষ্টলটো আছিল মাধৱ শইকীয়া নামৰ এজন ব্যৱসায়ীৰ। আৰু কিৰণ বনিয়া নামৰ লোকজনে কৰিছিল এই গুলীচালনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in