অৰ্ধসামৰিক বাহিনীৰ বৰ্বৰ আক্ৰমণঃ চিকিৎসালয়লৈ যোৱা লোকেও নাপালে ৰেহাই…

অৰ্ধসামৰিক বাহিনীৰ বৰ্বৰ আক্ৰমণঃ চিকিৎসালয়লৈ যোৱা লোকেও নাপালে ৰেহাই…

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে। হাজাৰ হাজাৰ লোকে স্বতঃস্ফুৰ্ত ভাৱে ৰাজপথলৈ ওলাই আহি জাতি, মাটি, ভেটিৰ ৰক্ষাৰ হকে নামি পৰিছে প্ৰতিবাদত। কিন্তু তাৰ পিছতো গা লৰা নাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ। তীব্ৰ প্ৰতিবাদকো নেওচি বুধবাৰে ৰাজ্যসভাত উত্থাপন হয় নাগৰিকত্ব সংশোধনী বিধেয়ক।

সকলোৱে মানি লৈছে এয়া অসমীয়াৰ জাগি উঠাৰ সময়। অসম আন্দোলনৰ সময়ত যি এক পৰিৱেশৰ সূচনা হৈছিল, সেয়াই পুনৰবাৰ হওঁক। কিন্তু প্ৰতিবাদক বাধা দিবলৈ কিঞ্চিৎমানো পিছ হুহুকা নাই চৰকাৰ। আৰক্ষী-প্ৰশাসনৰ দ্বাৰা প্ৰতিবাদ ব্যৰ্থ কৰিবলৈ চেষ্টা চলাই থকা হৈছে। গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো প্ৰতিবাদকাৰীৰ ওপৰত কৰা হৈছে লাঠিচালনা, গুলীবৰ্ষণ। কিন্তু আৰক্ষী-প্ৰশাসনৰ এনে নিৰ্বিচাৰ আইন ৰক্ষাৰ প্ৰচেষ্টা কেৱল প্ৰতিবাদকাৰীৰ বিৰুদ্ধেই নে অইন সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও, তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।

বুধবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন হোৱাৰ পিছতে অধিক তীব্ৰতৰ হৈ পৰে বিধেয়কবিৰোধী আন্দোলন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। দিছপুৰৰ জনতা ভৱনৰ সন্মুখৰ লগতে জালুকবাৰী, ভূতনাথ, গুৱাহাটী ক্লাৱ, চানমাৰী, গণেশগুৰি আদি অঞ্চলত পথ অৱৰোধ কৰি বিধেয়ক বাতিল কৰাৰ দাবী জনায় খিলঞ্জীয়া জনসাধাৰণে।

জনতাৰ এই প্ৰতিবাদ দমন কৰিবলৈ নামি পৰে আৰক্ষী-প্ৰশাসন। মহানগৰীত সান্ধ্য আইন জাৰি কৰি প্ৰশাসনে পথৰ দাঁতিত কোনো লোকক জুম নাবান্ধিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিবাদকাৰীক দমন কৰাৰ নামত আৰক্ষী-প্ৰশাসনে আনকি ফুটপাথেৰে গৈ থকা নীৰিহ সাধাৰণ নাগৰিকৰ ওপৰতো চলায় লাঠিচালনা।

চানমাৰী কলনীত পদপথেৰে গৈ থকা এজন সাধাৰণ মানুহ অৰ্জুন বিশ্বাস। চিকিৎসালয়ৰ পৰা সেই সময়ত তেওঁৰ বোন্দাস্থিত ঘৰলৈ গৈ আছিল। কেব বিৰোধী প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰা যাতায়ত ব্যৱস্থাৰ বাবে সেই সময়ত তেওঁ খোজ কাঢ়িয়ে যাবলগা হৈছিল।

সন্ধিয়া প্ৰায় ৬.৩০ বজাত বন্ধ পথ মুকলি কৰাৰ বাবে আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে হুইচেল বজায় সকলো পথচাৰীক মূল পথ এৰিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশ পালন কৰি সকলো পথচাৰীয়েই পদপথত ৰৈ দিয়ে। কিন্তু সেই সময়তে অহা নিৰাপত্তাৰক্ষীৰ এটা দলে পথচাৰীৰ ওপৰত যধে মধে লাঠিচালনা কৰিবলৈ ধৰে।

নিৰাপত্তাৰক্ষীৰ প্ৰহাৰত মূৰ ফালি তেজেৰে তুমুৰলি হৈ পৰে অৰ্জুন বিশ্বাস। আইন ৰক্ষাৰ নামত নিৰাপত্তাৰক্ষীৰ এনে নিৰ্বিচাৰ আক্ৰমণত পথৰ ওপৰতে ঢলি পৰে তেওঁ। পিছত একাংশ লোকে তেওঁক পথৰ ওপৰত পৰা তুলি আনি কাষৰ ৱাল এখনত আউজাই থয়। তেওঁৰ লগত থকা এখন গামোচাৰে ফটা মূৰৰ পৰা তেজ বন্ধ কৰিবলৈ চেষ্টা চলায় একাংশ লোকে। দুৰ্ভাগ্যজনক ভাৱে ব্যক্তিজনক চিকিৎসালয়লৈ নিবলৈ এম্বুলেন্সক ফোন কৰা হয় যদিও পথ বন্ধ থকাৰ বাবে বহু সময় ধৰি এম্বুলেন্সৰ বাবে অপেক্ষা কৰিবলগা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in