ভাল খবৰ! ২.৫ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হৈছে উওৰ পূব গ্ৰন্থমেলাত

ভাল খবৰ! ২.৫ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হৈছে উওৰ পূব গ্ৰন্থমেলাত

চানমাৰিৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত ২১ সংখ্যক উওৰ পূব গ্ৰন্থমেলাৰ বিভিন্ন দিশ সামৰি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এক প্ৰতিবেদন।

কেনে হৈছে গ্ৰন্থমেলা। বিক্ৰী গৈছেনে প্ৰকাশক লিখকে ভবাৰ দৰে গ্ৰন্থ। কাৰ কাৰ কিতাপ কিনিছে পাঠকে? ২১ সংখ্যক উওৰ পূব গ্ৰন্থমেলা বাকৰিত অজস্ৰ লোকৰ ভিৰ। কিতাপক ভালপোৱা এই মানুহবোৰৰ সমাগমে চানমাৰিৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱেশে সলনি কৰি দিছে। লেখক, পাঠক, প্ৰকাশক সকলোৰে বাবে এইবাৰ গ্ৰন্থমেলাই আশাৰ বতৰা কঢ়িয়াই আনিছে। সকলো থিকে থাকে থাকিলে ২১সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাই গ্ৰন্থ বিক্ৰীৰ পূবৰ অভিলেখ ভংগ কৰিব।

তাৰ মাজতো গ্ৰন্থ বিক্ৰী হৈছে। গ্ৰন্থৰ বিক্ৰীত অৰিহণা যোগাইছে ছ'চিয়েল মিডিয়ায়ো। ন পুৰণি লিখকৰ গ্ৰন্থই ভৰি পৰিছে গ্ৰন্থৰ বিপণী। নতুন কি গ্ৰন্থ ওলাইছে সেই খবৰ ছ'চিয়েল মিডিয়া যোগে পাঠকে লাভ কৰিছে। বহু গ্ৰন্থক লৈ ছ'চিয়েল মিডিয়াত চৰ্চাও হৈছে। এইয়া অসমীয়া গ্ৰন্থৰ বাবে এক শুভ লক্ষণ।

মহঙা দিনত এইয়া আশাৰ বতৰা। অহাবাৰ উত্তৰ পূব গ্ৰন্থমেলাত ৰাছিয়া-ৰুমানিয়াৰ গ্ৰন্থ প্ৰকাশনেও ল'ব অংশ! যি সময়ত চপা মাধ্যম তথা কিতাপ পঢ়াৰ আগ্ৰহ অসমৰ পাঠকৰ মাজত কমি অহা বুলি সৰৱ সমালোচনা হৈছে, সেই সময়তে আহিছে ভাল খবৰ। চানমাৰীত চলি থকা ২১ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাৰ কিছু খবৰে পাঠকক সন্তুষ্টি দিছে যদিও আশানুৰোপ ভাবে পাঠক সমাজক আকৰ্ষিত কৰিব পৰা নতুন গ্ৰন্থহে পৰ্যাপ্ত পৰিমাণে প্ৰকাশ যে হোৱা নাই তাৰ এখন অস্পষ্ট ছবি ইতিমধ্যে সচেতন মহলৰ দৃষ্টিলৈ আহিছে।

আমি উপৰোৱাকৈ প্ৰকাশ পাই থকা গ্ৰন্থমেলাৰ বা-বাতৰিৰ আৰত ৰৈ যোৱা খবৰৰ সন্ধানত চলোৱা এক সুক্ষ্ম অধ্যয়ণত এনে বহু তথ্য পোহৰলৈ আহিছে যি তথ্যই আহি থকা সময় যে, চপা গ্ৰন্থৰ বাবে উৎসাহজনক সময় হ'ব তাৰ সম্ভাৱনা স্পষ্ট কৰি দিছে। ১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা উত্তৰ পূব গ্ৰন্থমেলাৰ নৱম দিনলৈকে বিক্ৰী হোৱা গ্ৰন্থৰ মূল্য প্ৰায় ২.৫ কোটি টকা। উদ্যোক্তাসকলৰ পূৰ্বৰ অভিজ্ঞতাৰ মতে অহা চাৰিটা দিনত ৩.৫ কোটি টকাৰ কিতাপ বিক্ৰী হোৱাৰো আশা কৰিছে উদ্যোক্তা আৰু প্ৰকাশন গোষ্ঠীসমূহে।

এইক্ষেত্ৰত লক্ষণীয় কথাটো হ'ল নলিনীধৰ ভট্টাচাৰ্য, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্যৰ দৰে কবিৰ কবিতাপুথি, হীতেশ ডেকা, চন্দ্ৰপ্ৰসাদ শইকীয়া, হীৰেন গোহাই, হোমেন বৰগোহাঞি, কাঞ্চন বৰুৱা, আব্দুল মালিক, ৰীতা চৌধুৰী, লক্ষীনন্দন বৰা, অনুৰাধা শৰ্মা পূজাৰী, ৰঞ্জু হাজৰিকাৰ দৰে সাহিত্যিকৰ সাহিত্যৰাজিৰ সমাদৰত ২১ সংখ্যক গ্ৰন্থমেলাত আচোঁৰ পেলাব পৰা নাই নতুন চামৰ লেখকে।

ৰুমানিয়া আৰু ৰাছিয়াৰ দুই গ্ৰন্থপ্ৰেমীয়ে দি গ'ল বহু সম্ভাৱনাৰ খবৰ। উত্তৰ পূব তথা দেশৰ গ্ৰন্থমেলাৰ প্ৰতি এনে ধৰণেৰে বিদেশী লোক আকৰ্ষিত হ'লে এইয়া সুখৰ খবৰ। ইয়াৰ ফলত অসমৰো লিখকসকল উপকৃত হ'ব। বিদেশৰ গ্ৰন্থ অধ্যয়ণৰ লগতে তেওঁলোকৰ গ্ৰন্থ অনুবাদ বা অন্যান্য ধৰণেৰে অসমৰ নৱ প্ৰজন্মৰ লিখকসকল সংস্পৰ্শলৈ আহিলে অসমৰ লিখকৰ লেখাই বিদেশৰ লোককো আকৰ্ষণ কৰাৰ লগতে এক স্বীকৃতি লাভ কৰিব। ইয়াৰ বাবে বিদেশী লোক দুগৰাকীয়ে চৰকাৰৰ সৈতে যোগাযোগ কৰিব। ই নিশ্চয়কৈ আশাৰ খবৰ। যাৰ বাবে গ্ৰন্থৰ বিক্ৰী বৃদ্ধি হোৱাৰ লগতে দেশ-বিদেশৰ সকলো গ্ৰন্থপ্ৰেমী একগোট হোৱাৰ বাবে সুযোগ লাভ কৰিব।

২০১৮ বৰ্ষত উত্তৰ পূব গ্ৰন্থমেলাত মুঠ বিক্ৰী হৈছিল ২.৫ কোটি টকাৰ কিতাপ। ২০১৭ চনত এই পৰিমাণ আছিল ৩ কোটি টকা। ২০১৯ বৰ্ষত এই সংখ্যা বৃদ্ধি পাই ৩.৫ কোটি হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমানৰ লৈকে সমাগম হৈছে প্ৰায় এক লাখৰো অধিক লোক। প্ৰতিদিনে বহু লোকে গ্ৰন্থমেলাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া লৈকে উন্মোচন কৰা হৈছে ১০০ খনমান কিতাপ।

গ্ৰন্থ প্ৰকাশক-বিক্ৰেতাৰ লগতে আয়োজকসকলৰ মতে, পূৰ্বৰ লিখকসকলৰ সৈতে ফেৰ মাৰিব পৰা নাই আজিৰ লিখকে। লিখকসকলৰ লিখাৰ মান বিশেষ উন্নত হোৱা নাই। যাৰ বাবে পাঠকসকলৰ এটা চামে পুৰণি কিতাপ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। ইফালে গ্ৰন্থৰ বিষয়বস্তুৰ মানো পূৰ্বৰ তুলনাত দুই এখন কিতাপত হ্ৰাস হোৱাৰ কথা কয় বহু গ্ৰন্থপ্ৰেমী তথা ক্ৰেতাই।

২১ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাত বিক্ৰী হৈছে অসম আন্দোলনৰ আধাৰত লিখা বহু গ্ৰন্থ। পঢ়ুৱৈয়ে ক্ৰয় কৰা দেখা গৈছে পৰাগ কুমাৰ দাসৰ গ্ৰন্থসমূহো। ডঃ হীৰেন গোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া, লক্ষ্মীনাথ বেজবৰুৱা, ভবেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞি, ৰঞ্জু হাজৰিকাৰ গ্ৰন্থই লাভ কৰিছে বিশেষ সহাঁৰি।

নতুনকৈ প্ৰকাশ হোৱা বহু গ্ৰন্থয়ো এই গ্ৰন্থমেলাত সমাদৰ লাভ কৰিছে। নলিনীধৰ ভট্টাচাৰ্য, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্যৰ দৰে কবিৰ কবিতাপুথি বিচাৰি গ্ৰন্থমেলালৈ বহু লোক অহা দেখিবলৈ পোৱা গৈছে। গ্ৰন্থমেলাখনৰ বিষয়ে প্ৰচাৰ পূবৰ তুলনাত এই বৰ্ষত অধিক হৈছে। যাৰ বাবে বৃদ্ধি পাইছে পঢ়ুৱৈ-ক্ৰেতাৰ সংখ্যা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। উত্তৰ পূব গ্ৰন্থমেলাৰো আছে এক ইতিহাস। গ্ৰন্থমেলাখন এখন তীৰ্থস্থানৰ দৰে। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকেই গ্ৰন্থমেলাত অংশ লয়। পূৰ্বে চৰকাৰৰ তত্বাৱধানত অনুষ্ঠিত গ্ৰন্থমেলাই এতিয়া প্ৰসাৰতা লাভ কৰিছে।

তাৰ পিছৰে পৰা দেশৰ বিভিন্ন প্ৰান্ত বিশেষকৈ কলিকতাৰ গ্ৰন্থমেলা ভ্ৰমণ কৰি তাৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ দ্বাৰাই আজি উত্তৰ পূব গ্ৰন্থমেলাই এই ৰূপ পাইছে। ১৯৯৮ চনৰ পৰা অনুষ্ঠিত এই গ্ৰন্থমেলাখনৰ সৈতে আজিৰ তাৰিখত প্ৰায় ৫০০০ হাজাৰ মানুহ সংযুক্ত হৈ আছে। পূৰ্বে জজ খেলপথাৰত অনুষ্ঠিত হৈছিল এইখন গ্ৰন্থমেলা। তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শুভাৰম্ভ কৰিছিল। উপস্থিত আছিল ৰাজ্যপাল। তাৰ পিছৰ পৰাই চৰকাৰে জজ খেলপথাৰত এইখন গ্ৰন্থমেলা পাতিবলৈ অনুমতি নিদিয়া হ'ল। আয়োজকসকলে বিকল্প হিচাপে সোণাৰাম খেলপথাৰত অনুষ্ঠিত কৰিবলৈ দিহা কৰিলে।

পৰৱৰ্তী সময়ত সোণাৰাম খেলপথাৰতো অনুষ্ঠিত হ'বলৈ দিয়া নহ'ল গ্ৰন্থমেলাখন। সেইসময়ত উদ্যোগ মন্ত্ৰী আছিল প্ৰদ্যুৎ বৰদলৈ। গ্ৰন্থমেলাখন ৰক্ষাৰ বাবে ২০০৯ চনত সকলো লোক ওলাই আহিছিল। হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কামৰূপ মহানগৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিয়া হৈছিল।

গুৱাহাটীৰ জজ খেলপথাৰৰ সলনি যি কোনো এখন ঠাইত গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্তই অনুমতি দিছিল। তেতিয়াৰে পৰা এনেকৈ গ্ৰন্থমেলাখন অনুষ্ঠিত হৈ আহিছে। তাৰ পিছতে কেবাবাৰো গ্ৰন্থমেলাখন পতাৰ সময় আৰু স্থানক লৈ আয়োজক আৰু চৰকাৰৰ মতবিৰোধ হৈছে। ২০১৮ বৰ্ষতো এই গ্ৰন্থমেলাক চৰকাৰী পক্ষই বন্ধ কৰাৰ বাবে চেষ্টা কৰাৰ অভিযোগ উঠিছিল।

এতিয়া কিতাপ নপঢ়াৰ বাবে থকা অভিযোগ নোহোৱা হৈছে। এইখন গ্ৰন্থমেলাৰ ব্ৰেণ্ড এম্বেছাদৰ জুবিন গাৰ্গ। শিশুৰ পৰা মহিলা, সাহিত্যক্ষেত্ৰৰ বহু লোকৰ বাবে এইখন গ্ৰন্থমেলাত না না অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। এতিয়া প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে না না অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিটো দিশৰে পৰা আগবঢ়াই নিব পৰাকৈ অনুষ্ঠান অনু্ঠিত কৰি অহা হৈছে উত্তৰ পূব গ্ৰন্থমেলাত। ৰাজ্যৰ বহুকেইগৰাকী সাহিত্যিকৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে। যাৰ দ্বাৰা গ্ৰন্থপ্ৰেমীৰ সমাগম অধিক হোৱা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ দৰে কণ্ঠশিল্পীক নিমন্ত্ৰন কৰাৰ বাবে গ্ৰন্থৰ লগত নতুন প্ৰজন্মক চিনাকী কৰোৱাত বহুক্ষেত্ৰত সফল হৈছে আয়োজকসকল।

শনিবাৰে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত থাকে জনপ্ৰিয় লিখক দুৰ্জয় দত্ত। লিখকগৰাকীয়ে সন্ধিয়া ৬ বজাৰ পৰা তেখেতৰ নতুন গ্ৰন্থ 'উইছ আই কোড টেল ইউ'ৰ ওপৰত অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয়। এই অনু্ষ্ঠানত হাজাৰ হাজাৰ লোকে গ্ৰন্তমেলাৰ বাকৰিত ভিৰ কৰা দেখিবলৈ পোৱা যায়। গ্ৰন্থমেলাৰ দিন কেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুলোকৰ সমাগম হয় চানমাৰিত।

কিতাপৰ প্ৰতি তৰুণ প্ৰজন্মৰ আগ্ৰহ আৰু বিভিন্ন বিষয়ক গ্ৰন্থ প্ৰকাশেৰে নন পাঠকৰ সৃষ্টিত গ্ৰন্থমেলাই ভূমিকা পালন কৰি আহিছে। উঃ পূঃ গ্ৰন্থমেলা ৰাজ্যৰ বৌদ্ধিক চৰ্চাৰ এক কেন্দ্ৰস্থল। গ্ৰন্থমেলাৰ এই উত্তৰণে প্ৰমাণ কৰিছে যে, গ্ৰন্থৰ প্ৰয়োজনীয়তা শেষ হোৱা নাই আৰু কেতিয়াও নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in