বিয়াত সুৰা সেৱন কৰাত নাই কোনো বাধাঃ চৰকাৰে দিলে এই নিৰ্দেশ, ক’ত?

বিয়াত সুৰা সেৱন কৰাত নাই কোনো বাধাঃ চৰকাৰে দিলে এই নিৰ্দেশ, ক’ত?

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও যোৱা ১ জুলাইৰ পৰা দেশত আৰম্ভ হৈছে আনলক-২। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কিছু দিশ শিথিল কৰি আনলক-২ৰ নিৰ্দেশনাও জাৰি কৰিছে। কিন্তু ইয়াৰ মাজতে চণ্ডীগড় প্ৰশাসনে গ্ৰহণ কৰিছে এক আজৱ সিদ্ধান্ত। বুধবাৰে চণ্ডীগড় চৰকাৰে জাৰি কৰা আনলক-২ৰ গাইডলাইনত কোৱা হৈছে যে, সুৰাৰ বিপনী, বাৰ সমূহ বন্ধ থাকিব যদিও বিয়াৰ দৰে উৎসৱত সুৰাৰ প্ৰচলন অব্যাহত ৰাখিব পাৰিব আৰু সুৰাৰ যোগান ধৰাৰ ক্ষেত্ৰতো কোনো নিষিদ্ধতা নাই।

এগৰাকী উচ্চ পদস্থ বিষয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, বিয়াৰ দৰে উৎসৱত সুৰাৰ প্ৰচলনৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। এই বিষয়ৰ সন্দৰ্ভত আয়কৰ বিভাগৰ পৰা বিশেষ অনুমতি লোৱা হৈছে। কিন্তু আমি কঠোৰভাৱে নিৰ্দেশ দিছো যে, এই সময়খিনিত সুৰাৰ বিপনীৰ লগতে বাৰসমূহ বন্ধ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in