মেছী-ৰোনাল্ডো হ’বলৈ ওলোৱা কণমানি চন্দনৰ প্ৰতিভাক হত্যাৰ চেষ্টা, ভিছাৰ নামত দুই সংস্থাৰ প্ৰবঞ্চনা

মেছী-ৰোনাল্ডো হ’বলৈ ওলোৱা কণমানি চন্দনৰ প্ৰতিভাক হত্যাৰ চেষ্টা, ভিছাৰ নামত দুই সংস্থাৰ প্ৰবঞ্চনা

ডিজিটেল সংবাদ, ওদালগুৰিঃ দুভৰিৰ যাদুৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা কনমাণি ফুটবলাৰ চন্দন বড়োৰ দুভৰি যেন হঠাৎ থমকিবলৈ বাধ্য হৈছে। ফুটবল বিশ্বকাপ খেলাৰ সপোন দেখা চন্দনে সেই সপোন হেৰুওৱাৰ উপক্ৰম হৈছে। কিয়নো চন্দনক জাৰ্মানীলৈ লৈ গৈ ৬ বছৰৰ বাবে প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা টাটা ট্ৰাষ্ট আৰু ইউ স্পৰ্টছ নামৰ সংস্থা দুটাৰ হেমাহিয়ে দেখা দিছে।

উল্লেখ্য যে, বিগত ২০১৬ চনৰ এপ্ৰিল মাহত কোকৰাঝাৰ জিলাৰ ছাই কেন্দ্ৰত সংস্থা দুটাই আয়োজন কৰা বাচনি প্ৰক্ৰিয়াত চন্দন বড়ো নামৰ কনমাণি ফুটবলাৰ গৰাকীয়ে ছবছৰৰ বাবে জাৰ্মানীত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ পাছত এই খবৰে অসমৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আনন্দৰ বন্যা বোৱাইছিল। হৰিশিঙাৰ ৰেল ষ্টেচনৰ দাতিঁত সৰু জুপুৰিত বাস কৰা দিন হাজিৰা কৰা পিতৃ নৃপেন বড়ো আৰু হেটেলত দিন হাজিৰাৰে কাম কৰা মাতৃ বীণা বড়োৰ সন্তান চন্দনক লৈ অসমৱাসীয়ে দেখিছিল অলেখ সপোন।

সকলোৱে চন্দনে ভৱিষ্যৎ জীবনত সাফল্য হ'বলৈ আশীৰ্বাদ কৰিছিল। বিটিচি প্ৰশাসনৰ ফালৰ পৰা চন্দনৰ পৰিয়ালক প্ৰদান কৰিছিল এডোখৰ মাটিৰ লগতে এটি বাসগৃহ। অৱশেষত অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ উত্তৰ-পূৱৰ ৩৬ গৰাকী খেলুৱৈৰ সৈতে বহু সপোন লৈ ২০১৭ চনৰ ১৩ জানুৱাৰীত চন্দন উৰা মাৰিছিল জাৰ্মানীলৈ। জাৰ্মানীলৈ যোৱাৰ পূৰ্ৱে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাজ্যপালে জনাইছিল শুভেচ্ছা।

জাৰ্মানীলৈ লৈ যোৱা সংস্থা দুটাই চন্দনক চিবিএছই পাঠ্যক্ৰমত নামভৰ্তি কৰাই দিলে। অৰ্থাৎ জাৰ্মানীত চন্দন বড়োৱে সমানে আৰম্ভ কৰিছিল খেল তথা শৈক্ষিক জীৱন। জাৰ্মানীত কেইবাটাও ক্লাৱৰ বিৰুদ্ধে খেলি চন্দনে খেলৰ পাৰদৰ্শিতা দেখুৱালে। সমানে চলি গৈছিল চন্দনৰ শৈক্ষিক জীৱন। মাজে মাজে আপোন গৃহ হৰিশিঙালৈও আহিবলৈ সুযোগ পাইছিল চন্দনে। কিন্তু সময় পাৰ হোৱাৰ লগে লগে সংস্থা দুটাই যেন খেলুৱৈসকলক অন্য দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে। ফলত বিগত ২২ জুলাই তাৰিখে খেলুৱৈসকলক এমাহৰ ছুটীৰ বাবে ঘৰলৈ পঠিয়াই দিলে। আগষ্ট মাহত খেলুৱৈৰ দলটো পুনৰ জাৰ্মানী যাবলগীয়া আছিল যদিও ভিজা নোহোৱাৰ অজুহাতত আজি পৰ্যন্ত দলটোক জাৰ্মানীলৈ নিব নোৱাৰাৰ অদ্ভূত যুক্তি আগবঢ়াইছে সংস্থাটোৱে।

কেৱল এয়াই নহয় ছবছৰৰ বাবে জাৰ্মানীত প্ৰশিক্ষণৰ বাবে লৈ যোৱা দলটোক ডেৰ বছৰ চুক্তি বাতিল কৰিবলৈ ওলাইছে সংস্থা দুটাই। অতি দৰিদ্ৰ পৰিয়াল তথা অশিক্ষিত পিতৃ-মাতৃক মিছা কৈ দ্বায়িত্ব সামৰিবলৈ ওলোৱা সংস্থা দুটাৰ চেষ্টা বিফল হয়। জানিব পৰা মতে, সংস্থা দুটাই চন্দনৰ পিতৃ-মাতৃৰ সৈতে ঘৰুৱা প্ৰশিক্ষক চেমুৱেল বসুমতাৰীক গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ মাতি নি চন্দনক আৰু জাৰ্মানীলৈ লৈ যোৱা নহ'ব বুলি জানিবলৈ দি আপত্তিবিহীন পত্ৰত স্বাক্ষৰ কৰিবলৈ হেচাঁ প্ৰয়োগ কৰিছিল যদিও ঘৰুৱা প্ৰশিক্ষকগৰাকীৰ বাবে সেই প্ৰচেষ্টা বিফল হয়।

সংস্থা দুটাৰ এনে কাণ্ড দেখি হতাশাত ভুগে চন্দনৰ পিতৃ-মাতৃৰ লগতে ঘৰুৱা প্ৰশিক্ষকগৰাকী। অতি দৰিদ্ৰ পিতৃ-মাতৃৰ ধনৰ অভাৱত সংস্থা দুটাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দাৰস্থ হবলৈও সম্বল নাই। সেয়েহে পৰিয়ালটোৱে এতিয়া হতাশাত ভুগী ৰাজ্য চৰকাৰ, বিটিচি চৰকাৰ তথা অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায়ৰ হাত ভিক্ষা কৰিছে। ইমানেই নহয়, জাৰ্মানীত শিক্ষা জীৱন আৰম্ভ কৰা চন্দনে এতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ যদিও তেওঁৰ শিক্ষা জীৱন হেৰুওৱাৰ উপক্ৰম হৈছে। আছু, এবছু, অজাযুছাপকে ধৰি ৰাজ্যৰ জাতীয় দল-সংগঠনসমূহে বৰ্তমানৰলৈকে কোনো মন্তব্য কৰা নাই। ৰাজ্য চৰকাৰ তথা বিটিচি চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ কৰি চন্দনক ন্যায় প্ৰদান কৰাৰ বাবে সকলোৱে অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in