বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যুক কেন্দ্ৰ কৰি চামগুৰিৰ উদমাৰীত উত্তপ্ত পৰিস্থিতি…

বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যুক কেন্দ্ৰ কৰি চামগুৰিৰ উদমাৰীত উত্তপ্ত পৰিস্থিতি…

ডিজিটেল সংবাদ, চামগুৰি: দেওবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চামগুৰিৰ উদমাৰীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। চামগুৰিৰ উদমাৰীৰ মতিলাল মুণ্ডা নামৰ লোকজন হাতীৰ আক্ৰমণত নিহত হোৱাৰ পাছতেই বন বিভাগৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ উজাৰি একাংশ স্থানীয় উত্তেজিত লোকে ভাঙি লণ্ড-ভণ্ড কৰিলে উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়।

কাৰ্যালয়টোৰ প্ৰায় সমূহ বয়-বস্তু ভাঙি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি স্থানীয় ৰাইজে বহু সময় ধৰি উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য যে, নিশা পথাৰত প্ৰৱেশ কৰা বন্যহস্তী খেদিবলৈ যাওঁতেই মতিলাল মুণ্ডা নামৰ লোকজন বন্যহস্তীৰ আক্ৰমণত পোনপ্ৰথমে গুৰুতৰভাবে আহত হয় আৰু ইয়াৰ পাছতেই মতিলাল মুণ্ডাক ততাতৈয়াকৈ চামগুৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয়।

কিন্তু চিকিৎসালয়তে লোকজনক মৃত্যু বুলি ঘোষণা কৰে চিকিৎসকে।পাছত উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়া সহ অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হোৱাত পৰিস্থিতি কিছু পৰিমাণে শাম কাটে যদিও বৰ্তমানেও উদমাৰী অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in