চামগুৰিত ৬খন ট্ৰাকসহ ১ কোটি টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ…

চামগুৰিত ৬খন ট্ৰাকসহ ১ কোটি টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ…

ডিজিটেল সংবাদ, চামগুৰি: নগাঁও আৱকাৰী বিভাগ আৰু চামগুৰি থানাৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰা ৬ ট্ৰাক সুৰা বৃহস্পতিবাৰে নিশা জব্দ কৰিছিল । ৬ খন ট্ৰাকেৰে নিউ ইণ্ডিয়া ট্ৰেন্সপ'ৰ্ট কোম্পানীৰ দ্বাৰা সুৰা সমূহ শ্বিলঙলৈ সৰবৰাহ কৰাৰ অৱস্থাত চামগুৰিৰ ৩৭ নম্বৰ ঘাইপথত যোৱা নিশা ১০-৩০ বজাত আৱকাৰী আৰু আৰক্ষীয়ে গাড়ী কেই খন জব্দ কৰে ।

ডব্লিউ বি ১১-ই ০০২৮,ডব্লিউ বি ১১ ডি ৫৫৩৭,ডব্লিই বি ১১ ডি ৭৬৪১,ডব্লিই বি ১১ ডি ৪০৭৯,ডব্লিউ বি ১১ ডি ৯২২২ আৰু ডব্লিউ বি ১১ ডি ৫৫৬৪ নম্বৰৰ ট্ৰাক কেই খনেৰে সুৰা সমুহ অৰুণাচল প্ৰদেশৰ নিৰজুলিৰ নেফা বেৱাৰিছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ পৰা শ্বিলঙৰ ভি আৰ ব'ণ্ডেড ৱেৰ হাউচলৈ সৰবৰাহ কৰিছিল ।

প্ৰতিখন ট্ৰাকত এহেজাৰ দুশ কাৰ্টুনকৈ মুঠ ৭২ হেজাৰ টিউব'ৰ্গ বিয়েৰ (সুৰা) সৰবৰাহ কৰাৰ সময়ত অভিযান চলাই আৱকাৰী আৰক্ষীয়ে জব্দ কৰি নিশা চামগুৰি আৰক্ষী থানাত ৰাখি থয় ।জব্দ কৰা সুৰা সমূহৰ অসমৰ মূল্য অনুযায়ী এক কোটিৰ অধিক হ'ব বুলি আৱকাৰী বিভাগৰ এক সুত্ৰে প্ৰকাশ । শুকুৰবাৰে চামগুৰি ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ সঞ্জীব দলৈৰ উপস্থিতিত নগাঁও, গোলাঘাট আৰু গুৱাহাটীৰ পৰা অহা আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ট্ৰাক কেইখন পৰীক্ষা কৰে ।

সংবাদ মাধ্যমক নগাঁও আৱকাৰী অধীক্ষক কাৰ্যালয়ৰ আৱকাৰী পৰিদৰ্শকে জনোৱা মতে,গোপন সুত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা সুৰাৰ পৰিবাহী ৬ খন জব্দ কৰা হয় ।সম্প্ৰতি বিষয়টো তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ।একাংশ লোকে ট্ৰাক কেই খনত ভেজাল বিয়েৰ আনিছে বুলিও সন্দেহ কৰে ।ট্ৰাক কেই খনৰ পৰা সংগ্ৰহ কৰা বিয়েৰৰ বটলত থকা "বাৰ ক'ড" আৰক্ষীয়ে পৰীক্ষা কৰাত নকল বুলিও প্ৰমাণিত হয় । তদুপৰি বিয়েৰ সৰবৰাহৰ নথি পত্ৰতো বিসংগতি ধৰা পৰা বুলি আবকাৰীৰ এক সূত্ৰই জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in