শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

চামগুৰিত উদ্ধাৰ হস্তনিৰ্মিত বন্দুক

48

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ চৌদিশে এতিয়া অবৈধ অস্ত্ৰৰ জনজননি। বিভিন্ন সময়ত চামগুৰিৰ বিভিন্ন অঞ্চলত অবৈধ মাৰণাস্ত্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য দুৰ্স্কৃতিকাৰীয়ে সংঘটিত কৰি আহিছে। এনে সময়তে নগাঁৱৰ চামগুৰিৰ সমীপবৰ্তী উত্তৰ দিজু সংৰক্ষিত বনাঞ্চলত বুধবাৰে নিশা উদ্ধাৰ হৈছে এটা অবৈধ মাৰাণাস্ত্ৰ।

শালবাৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু চামগুৰি আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হয় হস্তনিৰ্মিত বন্দুকটো। উল্লেখ্য যে, উত্তৰ দিজু বনাঞ্চলখনত চোৰাংচিকাৰীৰ এটা দলে প্ৰবেশৰ সম্ভেদ পাই বন বিভাগ আৰু আৰক্ষীয়ে অতৰ্কিতে চলাইছিল এই অভিযান আৰু তাৰ পাছতেই উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল হস্তনিৰ্মিত বন্দুকটো।

আনহাতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বনাঞ্চল খনৰ পৰা তিনিজনকৈ চোৰাংচিকাৰীয়ে পলায়ন কৰে বুলি বন বিভাগ আৰু আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি