শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ‘বনবাস’লৈ শ্ৰেষ্ঠৰ বঁটা

346

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ দেওবাৰে সামৰণি পৰে। অন্তিম দিনা দিনৰ ৩ বজাত জ্যোতি চিত্ৰবন প্ৰাংগণত প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হয়। শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে নাচিকৰ ডঃ নীলেশ আম্বেদকাৰে। তেওঁৰ ‘বনবাস’ নামৰ ছবিৰ বাবে লাভ কৰে এই সন্মান।

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে জুৰি-‘গণ্ডী’ ছবিৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল লাভ কৰা আৰু ‘এস্কেপ ফ্ৰম তালিবান’ ছবিৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰা পৰিচালক, প্ৰযোজক উজ্জ্বল চেটাৰ্জী আৰু চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ সমালোচকৰ সৰ্বভাৰতীয় সংগঠন ‘ফিল্ম ক্ৰিটিক চাৰ্কল অব ইণ্ডিয়া”ৰ প্ৰতিষ্ঠাপক সম্পাদক ডল্টন ক্ৰিষ্টোফাৰ।

তাৰ পাছতেই মহোৎসৱৰ সামৰণি ছবি হিচাপে প্ৰদৰ্শন কৰা হয় প্ৰখ্যাত পৰিচালক জয়ৰাজৰ ‘ওট্টাল’। এই অনুষ্ঠানটিত উপস্থিত থাকে এসময়ৰ অভিনেত্ৰী তথা বৰ্তমান বিধায়ক আঙুৰলতা ডেকা আৰু অভিনেত্ৰী আইমী বৰুৱা। তেওঁলোকে এই অনুষ্ঠানত অংশ লৈ এনে অনুষ্ঠানে ৰাজ্যৰ নতুন ছবি নিৰ্মাতা সকলক উপকৃত কৰিব বুুলি মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি