ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন…

ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন…

ডিজিটেল সংবাদ, গৰৈমাৰী : কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে অতৰ্কিতভাৱে অভিযান চলাই তীৰখেলৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷

জানিব পৰামতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি বজাত আকস্মিকভাৱে গৰৈমাৰী বজাৰত অবৈধ তীৰখেলৰ বিৰুদ্ধে অভিযান চলায়৷ আৰক্ষীৰ অভিযানকালত তীৰখেলৰ ঘাটি এটা উৎখাত কৰাৰ লগতে নগদ ৩,২৭০টকাৰ সৈতে খেলত ব্যৱহৃত সামগ্ৰী, দুটা ম'বাইল ফোনসহ দুজন লোকক আটক কৰিবলৈ সমৰ্থ হয়৷

ধৃত লোক দুজন হৈছে ক্ৰমে কাণহাৰা গাঁৱৰ আবুশামাৰ পুত্ৰ ছৈনুদ্দিন (২৬) আৰু ইছামুদ্দিনৰ পুত্ৰ ফুলবৰ আলী (২৬) বুলি জানিব পৰা গৈছে৷ ইপিনে ধৃত তীৰখেলৰ বুকী দুজনক গৰৈমাৰী আৰক্ষী চকীলৈ নি জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে বৃহত্তৰ গৰৈমাৰী বজাৰৰ চাৰিওদিশে শতাধিক অবৈধ তীৰখেলৰ ঘাটি চলি আছে৷ ইয়াৰোপৰি গৰৈমাৰী এলেকাৰ বিভিন্ন স্থানত আজিও অবৈধ মদ, ভাং, জুৱাখেল অব্যাহত আছে৷

গৰৈমাৰী অঞ্চলত চলি থকা অবৈধ তীৰ, মদ, জুৱা, ড্ৰাগছ আদিৰ ঘাট চিনাক্ত কৰি ঘাটবোৰ উৎখাত কৰিবলৈ ৰাইজে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷ ইপিনে বিগত কিছুদিন ধৰি গৰৈমাৰী অঞ্চলৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে ধাৰাবাহিক অভিযান চলাই থকাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in