চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

ডিজিটেল সংবাদ, চামগুৰিঃ ৰঙৰ উৎসৱ ফাঁকুৱাৰ আনন্দ-উল্লাসৰ মাজতে শুকুৰবাৰে নগাঁও জিলাৰ চামগুৰিৰ আমনিত অকাল মৃত্যুক সাৱটিবলগীয়া হ'ল এজন যুৱকে। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত শুকুৰবাৰে বিয়লি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই ম্লান কৰিলে সমগ্ৰ অঞ্চলটোতে উদযাপিত ফাঁকুৱাৰ মাদকতা।

জানিব পৰা মতে, আমনিৰ পৰা চামগুৰি অভিমুখি এএছ০১-বিএল-০৪৪২ নম্বৰৰ এখন পালচাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইদাৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় পথ দূৰ্ঘটনাটো। ভয়াৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহী শম্ভু মুণ্ডা।লগতে গুৰুতৰভাবে আহত হয় সহ-আৰোহী বিকি চাহা নামৰ আন এজন যুৱক।

ইফালে, আহত বিকিক সংকতজনক অৱস্থাত ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, নিহত শম্ভু মুণ্ডা আৰু আহত বিকি চাহাৰ ঘৰ আমনিৰ দিজুবস্তীত বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in