আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ… VIDEO

আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ… VIDEO

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে কোনো অশ্লীল মন্তব্য কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বা ক্ষমা খুজিব লগা হোৱা খবৰ প্ৰায়ে লাভ কৰা যায়। মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীক অশালীন মন্তব্য ফেচবুক, ইনষ্টাগ্ৰাম আদিত কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লোৱা আমি প্ৰায়ে দেখা-শুনা পাওঁ।

কিন্তু এইবাৰ ছ'চিয়েল মিডিয়াত অশ্লীল মন্তব্য কৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল এজন বিজেপি বিধায়কৰে ভাতৃ। উল্লেখ্য যে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃ মুন হাজৰিকাই সদৌ অসম ছাত্ৰ সন্থাক লৈ কৰিছিল অশ্লীল মন্তব্য। যাৰ পাছত তেওঁ তাৰ বাবে চাবুৱা থানালৈ গৈ ক্ষমা খুজিব লগা হয়।

ফেচবুকত আছুক 'চান্দা তোলা পাৰ্টি' বুলি আখ্যা কৰাৰ পাছত চাবুৱা আছুৱে আৰক্ষী থানাত দাখিল কৰিছিল এক এজাহাৰ। মুন হাজৰিকাই সাংবাদিকৰ আগত কয় যে- 'ফেচবুকত আছুক লৈ মই এটা বেয়া মন্তব্য কৰি পালো। সেইটো মই ক'ব নালাগিছিল। আছুৰ কৰ্মীবৃন্দক মই আজি ক্ষমা প্ৰাৰ্থনা জনাইছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in