শুকুৰবাৰে হিমা দাসক প্ৰদান কৰা হ’ব ‘উপ আৰক্ষী অধীক্ষক’ পদৰ নিযুক্তি পত্ৰ…

শুকুৰবাৰে হিমা দাসক প্ৰদান কৰা হ’ব ‘উপ আৰক্ষী অধীক্ষক’ পদৰ নিযুক্তি পত্ৰ…

ডিজিটেল ডেস্কঃ অহা ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে ধিং প্ৰেছ নামে খ্যাত অসম গৌৰৱ হিমা দাসক অসমৰ উপ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে ৫৯৭গৰাকীক প্ৰদান কৰা হ'ব উপ পৰিদৰ্শক পদৰ নিযুক্তি পত্ৰ।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা ১০ বজাত গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড'ৰ ষ্টেডিয়ামত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব তেওঁলোকক। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in