এক দীঘলীয়া ৰক্তক্ষয়ী সংগ্ৰামৰ সমাপ্তি! দিল্লীত ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি…

এক দীঘলীয়া ৰক্তক্ষয়ী সংগ্ৰামৰ সমাপ্তি! দিল্লীত ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে ৪ ছেপ্টেম্বৰ, শনিবাৰে ত্ৰিপাক্ষিক "কাৰ্বি শান্তি চুক্তি" স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত নতুন দিল্লীত এই শান্তি চুক্তিখন স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে।শনিবাৰে আবেলি গৃহ মন্ত্ৰালয়ৰ নৰ্থ ব্লক কাৰ্যালয়ত এই চুক্তি স্বাক্ষৰিত হ'ব বুলি সূত্ৰত প্ৰকাশ পাইছে।

যদি শনিবাৰে এই ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় তেনে ই অসমৰ সমাজ জীৱনৰ বাবেই এক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। অসমৰ এটা প্ৰধান জনগোষ্ঠী কাৰ্বিসকলৰ মাজৰ একাংশই দীৰ্ঘসময়ৰ পৰা বিদ্ৰোহৰ এক দীঘলীয়া ইতিহাস ৰচনা কৰিছে। এই বিদ্ৰোহী সংগঠনটোৱে ১৯৮০ ৰ দশকৰ শেষৰ ফালৰ পৰা জাতিগত হিংসা, অপহৰণ, হত্যা আৰু অবৈধ টেক্স সংগ্ৰহৰ বাবে কুখ্যাত হৈ পৰিছিল।

সূত্ৰত প্ৰকাশিত খবৰ মতে চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ সন্মুখত আত্মসমৰ্পণ কৰা ১,০৪০ জন উগ্ৰপন্থীৰ দলটোৰ প্ৰায় ২০০ কাৰ্বি বিদ্ৰোহীয়ে এই শান্তি চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকিব।

এই শান্তি চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে কাৰ্বি বিদ্ৰোহী সংগঠনটোৰ সদস্যসকল দিল্লীত গৈ উপস্থিত হৈছে আছে বিভিন্ন হোটেলত বাহৰ পাতিছে। একেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও শুক্ৰবাৰে মাজনিশা দিল্লীলৈ উৰা মাৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in