শেহতীয়া খবৰ
ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা…

401

ডিজিটেল ডেস্কঃ লকডাউনৰ পাছত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত কেৱল অত্যাৱশ্যকীয় সেৱাৰ আৰু সামগ্ৰী কঢ়িওৱা বাহন সমূহহে চলাচল কৰাৰ বাবে নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আনবোৰ সামগ্ৰী কঢ়িওৱা বাহন চলাচলৰ অনুমতি প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহক এক পত্ৰযোগে বাতৰিকাকত, গাখীৰ, আৰু দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহ ৰপ্তানিৰ অনুমতি প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

লগতে পত্ৰখনত উল্লেখ আছে যে- ‘বাতৰিকাকত, গাখীৰৰ লগতে হাত ধোৱা সামগ্ৰী, চোবান, চেম্পু, ডিটাৰ্জেন-টিছ্যু পেপাৰ, টুথপেষ্ট, ছেনিটেৰী পেড, ডাইপাৰ, চাৰ্জাৰ আদি কঢ়িওৱা বাহন চলাচলৰ অনুমতি প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰসমূহে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি