কাছাৰত কেন্দ্ৰীয়ভাৱে পৰিবেশ দিৱস পালন ৰাজ্য চৰকাৰৰ, মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব ৫০ লাখ গছপুলি ৰোপনৰ আচনি…

কাছাৰত কেন্দ্ৰীয়ভাৱে পৰিবেশ দিৱস পালন ৰাজ্য চৰকাৰৰ, মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব ৫০ লাখ গছপুলি ৰোপনৰ আচনি…

ডিজিটেল সংবাদ, শিলচৰঃ আজি বিশ্ব পৰিবেশ দিৱস ৷ অসম চৰকাৰৰ উদ্যোগত আজি কেন্দ্ৰীয় ভাবে শিলচৰত পালন কৰা হব বিশ্ব পৰিবেশ দিৱস ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত ৷ মুখ্যমন্ত্ৰীৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, গ্ৰামোন্নয়ণ মন্ত্ৰী নৱ দলে সহ কেবা গৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকিব বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীত ৷

শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত দিন জোৰা কাৰ্যসূচীৰে উদযাপিত হব লগা বিশ্ব পৰিবেশ দিৱসত ৫০ লাখ গছপুলি ৰোপনৰ এক কাৰ্যসূচীৰ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সমগ্ৰ কাছাৰ জিলাত কাৰ্যকৰী হোৱাকৈ এই গছপুলি ৰোপনৰ ব্যৱস্থী লৈছে ৰাজ্য চৰকাৰে ৷

এমাহৰ ভিতৰত জিলা খনৰ স্কুল কলেজ, গাওঁ পঞ্চায়ত, চৰকাৰী কাৰ্যলয় সহ সকলো অনুষ্ঠানক সামৰি এই ৫০ লাখ গছপুলি ৰোপন কৰাৰ লক্ষ্য স্থিৰ কৰিছে বন বিভাগে ৷ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি পুলিছ পেৰেড গ্ৰাউণ্ডত বিভিন্ন স্কুলৰ ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ এক প্ৰদৰ্শনীৰো আয়োজন কৰা বুলি জানিবলৈ দিয়ে উপায়ুক্ত শ্ৰীমতী লায়া মাদ্দুৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in