নগা বিদ্ৰোহী সংগঠন এনএছচিএন খাপলাং গোটৰ বিৰুদ্ধে পুনৰ নিষেধাজ্ঞা বৃদ্ধি কেন্দ্ৰৰ…

নগা বিদ্ৰোহী সংগঠন এনএছচিএন খাপলাং গোটৰ বিৰুদ্ধে পুনৰ নিষেধাজ্ঞা বৃদ্ধি কেন্দ্ৰৰ…

ডিজিটেল সংবাদ, বেকাজানঃ ভাৰত চৰকাৰে ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাং গোটৰ বিৰুদ্ধে পুনৰ নিষিদ্ধ সংগঠনৰ কাৰ্যকাল বৃদ্ধি কৰিছে । যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে নিষিদ্ধ ঘোষণা সময় পুনৰ বৃদ্ধি কৰি কয়- এন এছ চি এন খাপলাং গোটে হিংসা, বলপূৰ্বক ধন দাবী আৰু বিদ্ৰোহাত্মক কাৰ্যকলাপ অব্যাহত ৰাখিছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ত অধিসূচনাত কোৱা হৈছে যে- এন এছ চি এন খাপলাং গোটত বৰ্তমানেও সন্ত্ৰাসবাদমূলক কাৰ্যত জড়িত। উল্লেখ্য যে, ২০১৫ চনত ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চুক্তি ভংগ হোৱাৰ পাছত এন এছ চি এন কেৰ আক্ৰমণত ৭ গৰাকী সেনাক নিহত হোৱাৰ লগতে ৭৫ গৰাকী নাগৰিকক অপহৰণ কৰিছে। তদুপৰি সংগঠনটোৱে বলপূৰ্বক ধন দাবী কৰি আহিছে।

বিদ্ৰোহী সংগঠনটোৰ বেআইনী কাৰ্যকলাপে নাগালেণ্ড , মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ আইন শৃংখলা পৰিস্থিতি দুৰ্বল কৰি আহিছে। আনহাতে, এন চি এনে খাপলাং গোটে সংগঠনৰ নতুন কেডাৰ ভৰ্তি, কৰ সংগ্ৰহ, সামৰিক প্ৰশিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত শিবিৰ স্থাপন কৰি ভাৰত বিৰোধী শক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি স্বাধীন নাগালেণ্ডৰ দাবী উত্থাপন কৰা বাবে ভাৰত চৰকাৰে এনেদৰে এন এছ চি এন খাপলাং গোটৰ বিৰুদ্ধে নিষিদ্ধ সংগঠনৰ কাৰ্যকাল বৃদ্ধি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in