টংলাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ উদ্‌যাপন

টংলাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোসাঁই উৎসৱ উদ্‌যাপন

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ টংলাৰ বুদ্ধিৰাম দাস শৰণীয়া সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱ আৰু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন শনিবাৰে সুকলমে সামৰণি পৰে৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি-শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বাঁহ-গোঁসাই পৰিভ্ৰমণ কাৰ্যসূচী মুকলি কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ খনিন দাসে৷

স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক কামেশ্বৰ বড়োয়ে কয়- সাহিত্যই শান্তি আনে, সাহিত্যই জাতিক আগবঢ়াই নিয়াই নহয়, সাহিত্যই মানুহক মানৱীয় গুণেৰে উদ্বুদ্ধ কৰি জীয়াই থকাৰ প্ৰেৰণা জনায়৷ দুপৰীয়া শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন ডেকা শৰণীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভা উদ্বোধন কৰি শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ দীপক ডেকা শৰণীয়াই কয়- শৰণীয়া জনগোষ্ঠী কছাৰীসকলৰ বোজা কঢ়িয়াই কোঙা হোৱা এটা জনগোষ্ঠী। নিজস্ব ভাষা-সাহিত্য, সংস্কৃতিৰে চহকী হোৱাৰ পিছতো ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক দিশত পিছপৰি থকাৰ বাবেই শৰণীয়া জনগোষ্ঠীয়ে নিজস্ব অস্তিত্বৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে৷ বাঁহ-গোঁসাই উৎসৱৰ জৰিয়তে শৰণীয়া জনগোষ্ঠীয়ে সকলো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ পৰিবেশ গঢ়ি আহিছে৷ শৰণীয়া কছাৰী জনগোষ্ঠীক নিজস্ব স্বকীয় পৰিচয়ৰে জীয়াই থকাৰ বাবে অসমৰ বুদ্ধিজীৱীসকলৰ সহযোগ আহ্বান কৰে৷

২০০৯ চনত শৰণীয়া কছাৰী জনগোষ্ঠীক বড়ো-কছাৰী জনগোষ্ঠীৰূপে স্বীকৃতি দিয়াৰ পিছত সম্প্ৰতি জনকলাল বসুমতাৰীৰ দৰে সংকীৰ্ণ মনৰ নেতাৰ বাবে শৰণীয়া কছাৰীসকল জনজাতিৰ প্ৰমাণপত্ৰৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে৷ সভাত বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে কয়- সাম্প্ৰতিক সময়ত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী ৰাজনৈতিকভাৱে সচেতন হৈ পৰিছে, সেয়া শুভলক্ষণ৷ কছাৰী সংস্কৃতি এক বিশাল সংস্কৃতি। ইতিহাসৰ অপব্যাখ্যাৰে নৃগোষ্ঠীয় জাতি-জনগোষ্ঠীসমূহৰ মাজত গঢ়ি উঠা সমন্বয়ত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰা বৰ্তমানৰ ইতিহাসবিদসকলক কঠোৰ ভাষাৰে সকিয়াই দি ড° পৰমানন্দ ৰাজবংশীয়ে ৰাজ্যৰ সকলো জনগোষ্ঠীক ভাষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰদানৰ অবিহনে জনগোষ্ঠীসমূহৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয় বুলি মন্তব্য কৰে৷ মাতৃভাষাৰ পৰা সৃষ্টি হোৱা সংস্কৃতি বিশাল সংস্কৃতি৷ মাতৃভাষাক সন্মান জনাব নাজানিলে জাতি ৰসাতলে যাব বুলি সকিয়াই দিয়ে ড° ৰাজবংশীয়ে।

অসম সাহিত্য সভাই ইংৰাজী আৰু হিন্দী ভাষাত অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰণালীবদ্ধ ইতিহাস প্ৰণয়নৰ কাম বিশিষ্ট ইতিহাসবিদসকলৰ তত্বাৱধানত শৃংখলাবদ্ধভাৱে চলাই গৈছে৷ ইয়াৰ ফলত সকলো জনগোষ্ঠীৰ ইতিহাস সঠিকভাৱে সংৰক্ষিত হ'ব বুলি মন্তব্য কৰে৷ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত বিশিষ্ট সাহিত্যিক সমালোচক ইছমাইল হুছেইনে শৰণীয়া জনগোষ্ঠীক সাংস্কৃতিক দিশৰ পৰা চহকী জনগোষ্ঠী যদিও জনগোষ্ঠীটোক সঠিক দিশত নেতৃত্ব দিয়া লোকৰ অভাৱৰ লগতে ৰাজনৈতিকভাৱে উপেক্ষিত হৈ অহাৰ বাবে শৰণীয়াসকল সকলো দিশতে অনগ্ৰসৰ হৈ আছে বুলি আক্ষেপ প্ৰকাশ কৰে৷ জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে যুৱ প্ৰজন্মই সকলো দিশতে সচেতনভাৱে আগবাঢ়িব লাগিব বুলিও মন্তব্য কৰে৷

সভাত বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থকাৰ উপৰি ৰাজ্যখনৰ কেইবাখনো জিলাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰাইজে নিজ নিজ ঠাইৰ বাঁহ-গোসাঁইসহ পৰম্পৰাগত নীতি-নিয়মৰে উৎসৱস্থলীত অংশগ্ৰহণ কৰি উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in