এইবাৰ নিৰ্বাচনী আইন সংশোধন কৰিব কেন্দ্ৰৰ বিজেপি চৰকাৰেঃ ধ্বনি ভোটত গৃহীত হ’ল বিধেয়ক…

এইবাৰ নিৰ্বাচনী আইন সংশোধন কৰিব কেন্দ্ৰৰ বিজেপি চৰকাৰেঃ ধ্বনি ভোটত গৃহীত হ’ল বিধেয়ক…

ডিজিটেল ডেস্কঃ এইবাৰ নিৰ্বাচনী আইন সংশোধন কৰিব কেন্দ্ৰৰ বিজেপি চৰকাৰে। সংসদৰ শীতকালীন অধিৱেশনৰ ২০ ডিচেম্বৰ সোমবাৰৰ দিনটোত সংসদত 'নিৰ্বাচনী আইন সংশোধিত বিধেয়ক ২০২১' উত্থাপন কৰিলে আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ।এই আইন সংশোধনীৰ জৰিয়তে আধাৰক ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিব বিচৰা হৈছে।

নিৰ্বাচনী আইন সংশোধিত বিধেয়ক লোকসভাত উত্থাপন কৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, এই আইনে দেশত ভুৱা ভোটদান সমাপ্ত কৰিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক বিশ্বাসযোগ্য কৰি তুলিব। কেন্দ্ৰৰ বিজেপি চৰকাৰে নতুনকৈ সংশোধিত কৰিবলৈ আগবঢ়া বিষয়টোক সহজভাৱে লোৱা নাই বিৰোধী দলসমূহে।

কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে নিৰ্বাচনী আইন সংশোধিত বিধেয়ক ২০২১ৰ বিৰোধিতা কৰি কয় যে, ই নাগৰিকসকলৰ মৌলিক অধিকাৰ উলংঘন কৰিব। তেওঁলোকৰ অভিযোগ, এই বিধেয়কখনে আধাৰৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰিব।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনপ্ৰতিনিধিত্ব আইন ১৯৫০ আৰু জনপ্ৰতিনিধিত্ব আইন ১৯৫১ সংশোধনৰ বাবে উত্থাপন কৰা এই নিৰ্বাচনী আইন সংশোধনী বিধেয়কত 'wife' শব্দৰ স্থানত 'spouse' শব্দ ব্যৱহাৰৰ প্ৰস্তাৱ দিছে। ইয়াৰ ফলত আইনখন লিংগ নিৰপেক্ষ হৈ পৰিব বুলি কোৱা হৈছে।

আনহাতে এই সংশোধনী বিধেয়কৰ জৰিয়তে নিৰ্বাচনী বিষয়াসকলক ভোটাৰৰ পৰিচয় প্ৰতিষ্ঠাৰ বাবে অৰ্থাৎ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব বিচৰালোকসকলৰ পৰা আধাৰ নম্বৰ বিচাৰিবলৈ অনুমতি প্ৰদান কৰিছে। কংগ্ৰেছ আৰু আন আন বিৰোধী দলৰ বিৰোধিতাৰ পিছতো অৱশ্যে সংসদত এই নিৰ্বাচনী আইন সংশোধিত বিধেয়ক ২০২১ গৃহীত কৰা হয়। লোকসভাৰ অধ্যক্ষৰ আসনত থকা ৰাজেন্দ্ৰ আগৰৱালে ধ্বনি ভোটৰ জৰিয়তে এই আইন গৃহীত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in