এন এছ চি এন ৰিফাৰমেচন-খাংগো কন্যাক গোটৰে কেন্দ্ৰৰ যুদ্ধ বিৰতি চুক্তি এবছৰলৈ বৃদ্ধি

এন এছ চি এন ৰিফাৰমেচন-খাংগো কন্যাক গোটৰে কেন্দ্ৰৰ যুদ্ধ বিৰতি চুক্তি এবছৰলৈ বৃদ্ধি

ডিজিটেল সংবাদ, ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ৰিফাৰমেচন আৰু খাপলাং ফৈদৰ পৰা পৃথক হৈ অহা এন এছ চি এন খাংগো কন্যাক গোটৰ সৈতে ভাৰত চৰকাৰে পুনৰ এবছৰলৈ যুদ্ধ বিৰতি চুক্তি বৃদ্ধি কৰিছে। যোৱা সোমবাৰে নতুন দিল্লীত এন এছ চি এনৰ নেতা খাংগো কন্যাকৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে বিদ্ৰোহী গোট দুটাৰ সৈতে এই যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰে। ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়য়ে সদৰী কৰা মতে সোমবাৰে এন এছ চি এন ৰিফাৰ্মেচনৰ নেতা এম বি নিয়াওপাও কন্যাক আৰু কিটভি ঝিমমিৰ উপস্থিতিত কেন্দ্ৰই এক্সটেন দা চাছপেনছন অপেৰেচন অৰ্থাৎ সন্দেহজনক অভিযান বন্ধ কৰি ২০১৯ চনৰ ২৮ এপ্ৰিল পৰা ২০২০ চনৰ ২৮ এপ্ৰিললৈ যুদ্ধ বিৰতি বৃদ্ধি কৰিছে।

কেন্দ্ৰৰ হৈ এই চুক্তি স্বাক্ষৰ কৰে কেন্দ্ৰীয় যুটীয়া গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এন এছ চি এন ৰিফাৰমেচনৰ জেক ঝিমমিয়ে। উল্লেখ্য যে, এই যুদ্ধ বিৰতি চুক্তিৰ নিৰীক্ষক হিচাপে উপস্থিত থাকে ড০ এমটন চিচি আৰু টছি লংকুমাৰ। ইফালে এই বৈঠকতে ভাৰত চৰকাৰৰ শান্তি চুক্তিত নতুনকৈ যোগ দিয়া এন এছ চি এন খাপলাং গোটৰ খাংগো কন্যাক গোটৰ সৈতে আন এখন চুক্তি সম্পাদিত হয়।

ভাৰতীয় মূলৰ খাপলাং গোটৰ নেতা খাংগো কন্যাকৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু নিউৱেল নাগা আৰু মাইকেল য়েপথমিয়ে নতুনকৈ যুদ্ধ বিৰতিত চুক্তি স্বাক্ষৰ কৰে। আশা কৰা হৈছে যে, এই যুদ্ধ বিৰতিৰ শান্তি চুক্তিয়ে ইষ্টান নাগালেণ্ড শান্তি স্থাপনত সহায় কৰাৰ লগতে নগা সমস্যা সমাধানত উল্লেখযোগ্য ভূমিকা পালন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in