দিল্লীত মহিলাৰ সুৰক্ষাক লৈ তৎপৰ কেজৰিৱাল চৰকাৰ, ৫,৫০০ খন ডিটিচি বাছত চিচি টিভি সংযোগৰ ব্যৱস্থা

দিল্লীত মহিলাৰ সুৰক্ষাক লৈ তৎপৰ কেজৰিৱাল চৰকাৰ, ৫,৫০০ খন ডিটিচি বাছত চিচি টিভি সংযোগৰ ব্যৱস্থা
  • দিল্লীত মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
  • ৫,৫০০ খন ডিটিচি আৰু যাত্ৰীবাহী বাছত চিচি টিভি সংযোগৰ ব্যৱস্থা।
  • প্ৰতিখন বাছতে সংলগ্ন থাকিব ৩টাকৈ চিচি টিভি কেমেৰা।
  • প্ৰতিখন বাছতে থাকিব ১০টা পেনিক বুটাম।
  • ইয়াৰ সহায়ত যিকোনো মহিলা যাত্ৰীয়ে বিপদৰ সহায়ত তাৎক্ষণিকভাৱে পাব পাৰিব আৰক্ষীৰ সহায়।
  • প্ৰতিখন বাছতে থাকিব অট'মেটিক লকেশ্যন চিষ্টেম।
  • অপ্ৰীতিকৰ ঘটনাৰ সময়ত লকেশ্যন চিষ্টেমৰ জৰিয়তে আৰক্ষীয়ে পাব বাছখনৰ অৱস্থিতি।
  • আনহাতে বাছসমূহ পৰিচালনাৰ বাবে স্থাপন কৰা হ'ব এটা নিৰ্দেশনা কেন্দ্ৰ।
  • মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে এক সংবাদ মেলত কৰে এই ঘোষণা।
  • ইয়াৰ জৰিয়তে দিল্লীত মহিলাৰ যাতায়ত নিৰাপদ হ'ব বুলি আশা ব্যক্ত কৰে কেজৰিৱালে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in