শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত হ’ব CTET…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শিক্ষক যোগ্য পৰীক্ষা অৰ্থাৎ চেন্ট্ৰেল টিচাৰ এলিজিবিলিটী টেষ্ট ১৬ ডিচেম্বৰ, ২০২১ৰ পৰা ১৩ জানুৱাৰী, ২০২২ৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব। চিবিএছইয়ে এক জাননী জাৰি কৰিছে য’ত উল্লেখ কৰা হৈছে যে এই পৰীক্ষাৰ বাবে ২০ ছেপ্টেম্বৰৰ পৰা আৱেদন কৰা প্ৰাৰ্থীসকলে চিবিটি মোডতে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

উল্লেখযোগ্য যে, এই পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীসকলে যদি নিজৰ আৱেদনপত্ৰত যিকোনো ধৰণৰ শুধৰণি বা সালসলনি কৰিব বিচাৰে তেন্তে সেই কাম ২৮ অক্টোবৰৰ পৰা ৩ নবেম্বৰৰ ভিতৰত কৰিব পাৰিব। এই তাৰিখৰ পাছত আৱেদন পত্ৰত কৰা কোনো শুধৰণি বা সালসলনি গ্ৰহণযোগ্য নহ’ব বুলি সদৰি কৰা হৈছে এই জাননীত। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পোষ্ট গ্ৰেজুৱেট (৫৫ শতাংশ) অথবা বি.এড-এম.এড ডিগ্ৰীধাৰী হ’ব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি