২০২৩ৰ পৰা সলনি হ’ব চিবিএছইৰ প্ৰশ্নকাকতৰ আৰ্হি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ চিবিএছইৰ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে ২০২৩চনৰ পাছৰ পৰা নতুন আৰ্হি প্ৰশ্নকাকতৰে পৰীক্ষাত বহিব লাগিব। দশম আৰু দ্বাদশ শ্ৰেণীৰ চিবিএছই পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে চূড়ান্ত পৰীক্ষাত কেৱল বস্তুনিষ্ট প্ৰশ্নৰে সন্মুখীন হ'ব লাগিব সৃষ্টিমূলক, সমালোচনাত্মক আৰু বিশ্লেষাত্মক প্ৰশ্নৰো।

চিবিএছইৰ কৰ্তৃপক্ষই ইতিমধ্যে এই সন্দৰ্ভত এক নীতি প্ৰস্তুত কৰি ২০২৩ বৰ্ষৰ বাবে সৃষ্টিমূলক, সমালোচনাত্মক আৰু বিশ্লেষাত্মক চিন্তা ধাৰাৰ প্ৰসাৰৰ বাবে প্ৰশ্নকাকতৰ নমুনা সলনি কৰা হ'ব বুলি সদৰী কৰিছে।

সেই প্রশ্নকাকত কেনেধৰণৰ হ'ব সেয়া এতিয়াও জানিবলৈ দিয়া নাই যদিও এনে প্ৰশ্নকাকতৰ জৰিয়তে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীসকলে বিশ্লেষাত্মক আৰু সৃষ্টিমূলক চিন্তা ধাৰাৰ প্ৰসাৰৰ ক্ষেত্ৰত এতিয়াৰ দৰে কেৱল নম্বৰমুখী প্ৰশ্নৰ বিপৰীতে তেওঁলোকৰ চিন্তাৰ গভীৰতাৰ প্ৰমাণ দিব পৰাকৈ পৰীক্ষাত উত্তৰ লিখিব লগা হ'ব পাৰে।

উল্লেখযোগ্য যে, এছ'চিয়েটেড চেম্বাৰছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিয়ে আয়োজন কৰা বিদ্যালয় শিক্ষাৰ এক অনুষ্ঠানত এই কথা জানিবলৈ দিছে চিবিএছইৰ সচিব অনুৰাগ ত্ৰিপাঠীয়ে। তেওঁ কয়- ছাত্ৰ-ছাত্ৰীসকলৰ এটা সুন্দৰ ভৱিষ্যতৰ কথা ভাবিহে এই কাম কৰা হৈছে। এইবৰ্ষত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ২০ শতাংশ প্ৰশ্ন বিষয়বস্তুক লৈ পোৱাৰ লগতে ১০ শতাংশ প্ৰশ্ন তেওঁলোকে সৃষ্টিশীল লেখা অৰ্থাৎ ক্ৰিয়েটিভ ৰাইটিঙৰ বাবে পাব। তেওঁ লগতে কয়- বৃত্তিগত শিক্ষা ভাৰতবৰ্ষত বিশেষ সহায়ক নহয়, কাৰণ ভাৰতবৰ্ষত নিযুক্তিৰ ক্ষেত্ৰত দেখা দিয়া অভাৱ, ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা সদায় একে নাথাকে।

লগতে তেওঁ কয়, এইক্ষেত্ৰত মাত্ৰ ছাত্ৰ-ছাত্ৰীয়ে নহয়, বিদ্যালয় শিক্ষাৰ পদ্ধতি উন্নত, শিক্ষকৰ যোগ্যতা, অভিভাৱকসকলেও গুৰুত্ব দিব লাগিব। অন্যথা এই কাৰ্য সফল হ'ব পৰা নাযাব। শিক্ষকসকলৰো সৃষ্টিমূলক প্ৰতিভা থাকিব লাগিব বুলি তেখেতে কয়। সচিবগৰাকীৰ মতে, ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অনুপ্ৰেৰণামূলক ভাব বিনিময়, সৃষ্টিমূলক চিন্তা চৰ্চা ইত্যাদি লাভ কৰাৰ বাবে প্ৰায় ৩ মাহৰ পৰা ৬ মাহৰ সময় লাগিব। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আন বিষয়ৰ সৈতে বৃত্তিগত বিষয়ৰ সংযোগ স্থাপন কৰাত সুবিধা হ'ব।

ইফালে চিবিএছইৰ ট্ৰেইনিং আৰু স্কিল সঞ্চালক বিশ্বজিত সাহাই সচিবগৰাকীৰ সৈতে একমত হৈ ছাত্র-ছাত্ৰীসকলৰ সক্ষমতাৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰে। তেওঁ কয়- নিযুক্তিত গুৰুত্ব দিয়াৰ সলনি ছাত্র-ছাত্ৰীসকলে বিভিন্ন প্ৰকল্পৰ মাধ্যমেৰে কেনেদৰে কোনো এটা বিষয় অধ্যয়ন কৰি সহজে বুজিব পাৰিব তাৰ ওপৰত গুৰুত্ব দিব লাগিব।

অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত এনে সৃষ্টিমূলক আৰু বিশ্লেষাত্মক প্ৰশ্নৰে প্ৰশ্নকাকতৰ নমুনা প্ৰস্তুত কৰা হয়। শেহতীয়াকৈ এনে চিন্তা-চৰ্চাও চলিছে যে ছেবাৰ প্ৰশ্নকাকতৰ আৰ্হি চিবিএছইৰ দৰে হ'ব লাগে। সেই সময়তে চিবিএছইয়ে ২০২৩ৰ পৰা প্ৰশ্নকাকতৰ আৰ্হিৰ নমুনা সলনি কৰিবলৈ চলোৱা প্ৰস্তুতিয়ে এই বিষয়টোক লৈ নতুন চিন্তা উন্মেষ ঘটাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in