শ্বিলঙৰ চিবিআই কাৰ্যালয়ত কলকাতা আৰক্ষী আয়ুক্তৰ মাৰাথন জেৰা…

শ্বিলঙৰ চিবিআই কাৰ্যালয়ত কলকাতা আৰক্ষী আয়ুক্তৰ মাৰাথন জেৰা…

ডিজিটেল সংবাদ, শ্বিলংঃ চিবিআইৰ শ্বিলংস্থিত কাৰ্যালয়ত শনিবাৰে সীমাহীন ব্যস্ততা। কিয়নো ইয়াতেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আজি মাৰাথন জেৰা অব্যাহত আছে কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ। বহু হাজাৰ কোটি টকীয়া চিট ফাণ্ড কেলেংকাৰীৰ তদন্তৰ দায়িত্বত থাকোতে গুৰুত্বপূৰ্ণ তথ্য নোহোৱা কৰাৰ অভিযোগ তুলি চিবিআইৰ কলকাতা কাৰ্যালয়ে এইগৰাকী আৰক্ষী আয়ুক্তক সোধা-পোছাৰ বাবে বাসভৱনলৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কেৱল সেয়েই নহয়, সোধা-পোছা কৰিবলৈ যোৱা চিবিআইৰ দলটোক মাজনিশা ৰাজীৱ কুমাৰৰ বাসভৱনৰ গেটৰ মুখৰ পৰা কলকাতা আৰক্ষীয়ে আটক কৰি নিয়াৰ উপৰি সেই নিশাৰ পৰাই ৰাজীৱ কুমাৰক কাষত বহুৱাই লৈ চিবিআইৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীত বহিছিল খোদ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

পিছদিনাৰ ৰাজ্যসভা-লোকসভা বিৰোধীৰ প্ৰতিবাদত সদন স্থগিত ৰাখিবলগা পৰিস্থিতিৰো সৃষ্টি হৈছিল। পিছে উচ্চতম ন্যায়ালয়ত চিবিআই-য়ে এই সন্দৰ্ভত জনোৱা এক আবেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ খণ্ড বিচাৰপীঠে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক চিবিআইৰ তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দি প্ৰয়োজনত সোধা-পোছাৰ বাবে কলকাতা বা দিল্লীৰ কাৰ্যালয়ৰ পৰিৱৰ্তে শ্বিলংস্থিত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল। আনহাতে, এনে অৱস্থাত ৰাজীৱ কুমাৰক সুস্পষ্ট প্ৰমাণ ন্যায়ালয়ত দাখিল নকৰাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলিও চিবিআইক সতৰ্ক কৰি দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতেই বংগৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰে চিবিআই-য়ে বিচাৰিলে ৮ জানুৱাৰীৰ দিনা শ্বিলং কাৰ্যালয়ত হাজিৰ হ'ব পাৰিব বুলি এক পত্ৰযোগে কলকাতা কাৰ্যালয়ত অৱগত কৰাৰ পাছতে শুকুৰবাৰেই শ্বিলং অভিমুখে ৰাওনা হয়। আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ লগত পশ্চিমবংগ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়া মুৰুলিধৰ শৰ্মাৰ আৰু জাভেদ চামিমৰ লগতে অধিবক্তা বিশ্বজিত দে'ও উপস্থিত হয়।

ইফালে, চিবিআইৰ শীৰ্ষ স্থানীয় এটা দলো শুকুৰবাৰে সন্ধিয়াই কলকাতাৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত শনিবাৰে পুৱাই শ্বিলং কাৰ্যালয়লৈ ৰাওনা হয়। ৫জন বিষয়াৰে গঠিত এই দলটোৱে শ্বিলং কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই তাত অপেক্ষাৰত ৰাজীৱ কুমাৰৰ সহযোগীসকলক পুৱাৰ চাহ খাই কাৰ্যালয়ৰ বাহিৰত অপেক্ষা কৰিবলৈ দি  দিনৰ প্ৰায় ১১বজাৰ পৰা ৰাজীৱ কুমাৰৰ সোধা-পোছা আৰম্ভ কৰে।

জানিব পৰা মতে, কলকাতাৰ পৰা অহা বিষয়াৰ দলটোৱে ৰাজীৱ কুমাৰৰ পৰা ২০০টা মুল প্ৰশ্নৰ লগতে ইয়াৰ সৈতে সংলগ্ন বহু প্ৰশ্নৰ উত্তৰ বিচাৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে, শনিবাৰে নিশা ৭ বজা পৰ্যন্ত ৰাজীৱ কুমাৰৰ সোধা-পোছা অব্যাহত আছে আৰু দেওবাৰলৈও এয়া চলি থাকিব। ইফালে, এই সন্দৰ্ভত কিছু বিষয় স্পষ্ট কৰাৰ বাবে প্ৰাক্তন সাংসদ কুনাল ঘোষকো শ্বিলং কাৰ্যালয়ত উপস্থিত হ'বলৈ চিবিআই-য়ে নিৰ্দেশ দিছে। তদুপৰি, সাৰদাকে ধৰি চিট ফাণ্ড কেলেংকাৰীৰ তদন্তত জড়িত চিবিআইৰ যিসকল শীৰ্ষ পদাধিকাৰীয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোককো শেহতীয়া এই অভিযানৰ সৈতে দিল্লীস্থিত চিবিআইৰ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে জড়িত কৰোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in