লালুপ্ৰসাদ যাদৱক জামিন প্ৰদানৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ চিবিআই, জাননী জাৰি কৰি বিচাৰিলে উত্তৰ…

লালুপ্ৰসাদ যাদৱক জামিন প্ৰদানৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ চিবিআই, জাননী জাৰি কৰি বিচাৰিলে উত্তৰ…

ডিজিটেল ডেস্কঃ পশু খাদ্য কেলেংকাৰী গোচৰত অভিযুক্ত হৈ কাৰাবাস খাটি থকা ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালুপ্ৰসাদ যাদৱক জামিন প্ৰদানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে চিবিআইয়ে। ন্যায়ালয়ত দাখিল কৰা এই আবেদনত চিবিআইয়ে কয় যে লালুপ্ৰসাদ যাদৱক জামিন প্ৰদান কৰাটো অনাৱশ্যক।

শুকুৰবাৰে চিবিআইৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে লালুপ্ৰসাদ যাদৱলৈ জাননী জাৰি কৰি উত্তৰ বিচাৰিছে। শুকুৰবাৰে মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ অধ্যক্ষতাৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰে এই আবেদনৰ শুনানি।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে লালুপ্ৰসাদ যাদৱে অসুস্থতাৰ দোহাই দি জামিন বিচাৰি জনোৱা আবেদন শুনানি গ্ৰহণ কৰি ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আৰজেডি নেতাজনক জামিন প্ৰদান কৰিছিল। তাৰ পিছতে চিবিআইয়ে এই ৰায়ৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়। চিবিআইয়ে আবেদনত কয় যে, লালুপ্ৰসাদ যাদৱৰ স্বাস্থ্য বৰ্তমান সুস্থ হৈ আছে। গতিকে তেওঁক জামিন প্ৰদান কৰিব নালাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in